ETV Bharat / state

Incomplete school building: ঠিকাদাৰৰ গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন বিদ্যালয় কৰ্তৃপক্ষ - Incomplete school building

তিনি বছৰেই নিৰ্মাণ সম্পূৰ্ণ নহ'ল ৰহাৰ এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নিৰ্মাণ কাৰ্য ৷ ক্ষোভিত বিদ্যালয় কৰ্তৃপক্ষ(Incomplete school building 3 years passed on) ৷

Incomplete school building in Raha
Incomplete school building: ঠিকাদাৰৰ গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন বামুণীজান উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ
author img

By

Published : Nov 1, 2022, 3:10 PM IST

Updated : Nov 2, 2022, 10:41 AM IST

নগাওঁ, ১ নৱেম্বৰ: তিনি বছৰে সম্পূৰ্ণ নহ'ল ৰহাৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নিৰ্মাণ কাৰ্য(classroom construction of Raha not completed) । ঠিকাদাৰৰ মইমতালিৰ বাবেই তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে শিক্ষানুষ্ঠানখনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল । শিক্ষানুষ্ঠানখন হৈছে ৰহাৰ 'বামুণীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়'(Bamunijan Higher Secondary School issue) । ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ২০১৯-২০ বৰ্ষতে ৰহাৰ তদানীন্তন বিধায়ক ডিম্বেশ্বৰ দাসে বিধায়কৰ উন্নয়ন পূঁজিৰ পৰা ১০লাখ টকাৰ অনুদান আগবঢ়াইছিল ।

সেইমতে ২০২০ বৰ্ষতে শ্ৰেণীকোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল খান উপাধিৰ এজন ঠিকাদাৰে । কিন্তু তিনি বছৰ পাৰ হোৱাৰ পাছতো শ্ৰেণীকোঠা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰে । অভিযোগ মতে, ঠিকাদাৰৰ হেমাহিৰ বাবেই আধৰুৱা হৈ আছে বিদ্যালয় গৃহটো(Incomplete school building 3 years passed on) ।

ঠিকাদাৰৰ গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন বিদ্যালয় কৰ্তৃপক্ষ

ঠিকাদাৰৰ দ্বাৰা নিয়োজিত মিস্ত্ৰীয়ে দুদিন কৰ্মস্থলীত উপস্থিত হৈ কেইবাদিনো নহাকৈ থাকে কামলৈ । সময়মতে কাম নকৰাৰ ফলত শ্ৰেণীকোঠা নিৰ্মাণত পলম হোৱাৰ সমান্তৰালভাবে নষ্ট হৈ যাবলৈ ধৰিছে গৃহ নিৰ্মাণৰ বাবে আনি থোৱা চিমেণ্ট । ইতিমধ্যে যিখিনি কাম সম্পন্ন কৰিছে সেয়াও আঁসোৱাহপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

নিৰ্মাণকাৰ্য চলি থকা অৱস্থাতে নিৰ্মীয়মাণ দেৱাল খহি পৰাৰ অভিযোগ উত্থাপিত হৈছে । দৰ্জা-খিৰিকী নিৰ্মাণত ব্যৱহৃত কাঠবোৰো নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিৰ্মাণকাৰ্য বন্ধ কৰি থোৱাৰ ফলত হাবি-জংঘলেৰে আৱৰি ধৰিছে অৰ্ধ নিৰ্মিত ঘৰটো; যিয়ে বিনষ্ট কৰি তুলিছে শৈক্ষিক পৰিৱেশ । বিদ্যালয় কৰ্তৃপক্ষই ঠিকাদাৰক সোনকালে শ্ৰেণীকোঠাটো নিৰ্মাণ কৰি দিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো ঠিকাদাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ।

ইপিনে যোৱা বছৰ চৰকাৰে বিদ্যালয়খন উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰে। কিন্তু এতিয়া ঠিকাদাৰৰ মইমতালিৰ বাবে দ্বাদশ শ্ৰেণী পৰ্যন্ত থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগ্ৰহণত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ তদুপৰি দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানখনত নিৰ্মাণকাৰ্য চলি থকাৰ ফলত বালি,শিল,ইটা,চিমেণ্টকে ধৰি নিৰ্মীয়মাণ সামগ্ৰী শিক্ষানুষ্ঠান চৌহদত ঠাঁহ খাই থকাৰ বাবে খেলা-ধূলাৰ লগতে চলাচল কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল ।

সম্প্ৰতি ঠিকাদাৰৰ হেমাহিত অসহায় হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ । সেয়ে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ শীঘ্ৰে শ্ৰেণীকোঠা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে।

লগতে পঢ়ক: Petrol diesel prices slashed: হ্ৰাস পালে পেট্ৰ’ল, ডিজেল আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

Last Updated : Nov 2, 2022, 10:41 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.