কলিয়াবৰ,4মে': বতৰ বিজ্ঞানীসকলে আশংকা কৰাৰ দৰেই অসমৰ প্ৰায়বোৰ স্থানতে কম-বেছি পৰিমানে ফেণীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । শনিবাৰে দুপৰীয়াৰে পৰা কলিয়াবৰতো নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ সমান্তৰালকৈ বতাহ বলাৰ লগতে তাপমাত্ৰাও হ্ৰাস পাইছে ।
কলিয়াবৰ মহকুমা প্ৰশাসনে ফেনীৰ সাম্ভাব্য প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । কলিয়বৰবাসী ৰাইজক শংকিত নহৈ সাৱধানতা ল'বলৈ আহ্বান জনাইছে ।