নগাঁও, 5 ফেব্ৰুৱাৰী : শুকুৰবাৰে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে এক বৃহৎ অভিযান সম্পন্ন কৰে ৷ এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই নগাঁও চহৰৰ চকীটোপ অঞ্চলত ৷
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই অহা চকীটোপৰ দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় । দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰৰ পৰা 9 কাৰ্টুন নিচাজাতীয় ঔষধ জব্দ কৰে আৰক্ষীৰ দলটোৱে । অভিযুক্ত দেৱ দেৱনাথক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।
লগতে পঢ়ক : চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ