বঢ়মপুৰ,17 জুন: ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা লক-ডাউন আৰু সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যত ভয়াৱহ ভাৱে সক্ৰিয় হৈছে দুষ্ট চক্ৰ ৷ চোৰ-ডকাইতৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ উঠিয়ে চোৰাং ব্যৱসায়ী চক্ৰ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ কচুৱাৰ চানখোলাত বন বিভাগ আৰু কচুৱা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় লক্ষাধিক টকাৰ মূল্য কাঠ ৷ এক গোপন খবৰৰ ভিত্তিত কচুৱাৰ চানখোলাৰ খাইৰুল ইছলামৰ ঘৰত অভিযান চলাই এই কাঠ খিনি জব্দ কৰে কামপুৰৰ বন আঞ্চলিক কাৰ্যালয়ৰ কৰ্মীয়ে ৷
উল্লেখ্য যে, বন বিভাগে মূল্যবান কাঠসমূহ জব্দ কৰে যদিও কাঠৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত খাইৰুল ইছলামক আটক কৰিবলৈ সক্ষম নহ’ল ৷ কাঠ খিনি মূল্য প্ৰায় লক্ষাধিক টকাৰ হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগে ৷ ধৃত খাইৰুল ইছলামে দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ব্যৱসায় চলাই অহাৰ সন্দেহ আৰক্ষীৰ ৷
লগতে পঢ়কঃ জাতীয় সম্পদ ধ্বংশ নকৰিব: কাগজ কলৰ কৰ্মচাৰীৰ যৌথ মঞ্চ