ETV Bharat / state

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ, ব্যৱসায়ী আটক - চোৰাং কাঠ

কলিয়াবৰত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । জখলাবন্ধাৰ ঢেঁকীয়াল গাঁৱৰ পৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন । জমশেৰ নামৰ এজন কাঠ ব্যৱসায়ীক আটক ।

Illegal Timber seized at Kaliabor
কলিয়াবৰত চোৰাং কাঠ জব্দ
author img

By

Published : May 11, 2021, 2:05 PM IST

কলিয়াবৰ, ১১ মে': বন বিভাগে সময়ে সময়ে অভিযান চলাই অহাৰ পিছতো ৰাজ্যত একাংশ চোৰাং কাঠ ব্যৱসায়ীৰ বন ধ্বংসযজ্ঞ অব‍্যাহত আছে । মঙলবাৰে কলিয়াবৰত বন বিভাগৰ জালত পৰিল এজন চোৰাং কাঠ ব্যৱসায়ী । বন বিভাগে এখন কাঠ ভৰ্তি বাহন জব্দ কৰাৰ পিছতে ব্যৱসায়ীজনক আটক কৰে ।

Illegal Timber seized at Kaliabor
কলিয়াবৰত চোৰাং কাঠ জব্দ

গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত আন বন বিষয়া, বনকৰ্মীৰ এটা দলে জখলাবন্ধাৰ ঢেকীয়াল গাঁৱত অভিযান চলায় । এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এ. এচ. ০৪ ৩৭৪২ নম্বৰৰ এখন বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে ।

অৱশ্যে, বাহনখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয় । নগাঁও-কাৰ্বি আংলং সীমান্তৰ পৰা এই কাঠখিনি অবৈধভাৱে সৰবৰাহ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । আনহাতে, বাহনখন জব্দ কৰাৰ পিছতে বন বিভাগে জমশেৰ নামৰ এজন কাঠ ব্যৱসায়ীক আটক কৰে ।

জমশেৰে দীৰ্ঘ দিন ধৰি বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । অৱশেষত বন বিভাগৰ জালত পৰে ব্যৱসায়ীজন ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.