ETV Bharat / state

কলিয়াবৰত চেগুণ গছৰ কুণ্ডাসহ বাহন জব্দ - বৃহৎ পৰিমাণৰ কাঠ জব্দ

কলিয়াবৰৰ বুঢ়াপাহাৰত চেগুণ গছৰ কুণ্ডাসহ বাহন জব্দ ৷ দুই কাঠ ব্যৱসায়ীক আটক ৷ বনকৰ্মীয়ে অভিযান চলাই চোৰাং কাঠসহ এখন বাহন জব্দ কৰে ৷

কলিয়াবৰত চেগুণ গছৰ কুণ্ডাসহ বাহন
কলিয়াবৰত চেগুণ গছৰ কুণ্ডাসহ বাহন
author img

By

Published : Jul 3, 2021, 1:43 PM IST

কলিয়াবৰ, 3 জুলাই : ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি আৰু সান্ধ্য আইনৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে অবৈধ ব্যৱসায় ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এনে বহু দুষ্ট চক্ৰ ৷ কলিয়াবৰৰ বুঢ়াপাহাৰত চেগুণ গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰাৰ লগতে দুই কাঠ ব্যৱসায়ীক আটক কৰে ৷

শুকুৰবাৰে বনকৰ্মীয়ে অভিযান চলাই চোৰাং কাঠসহ এখন বাহন জব্দ কৰাৰ লগতে উক্ত চোৰাং বেহাত জড়িত দুই কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ বুঢ়াপাহাৰৰ সমীপৱৰ্তী ফুলগুৰি চাঙৰ পৰা এ এছ 09 চি 8067 নম্বৰৰ পিক আপ ভানখনত চেগুন গছৰ কুণ্ডা ভৰ্তি কৰি গন্তব্য স্থানলৈ ৰাওনা হোবাৰ পথতে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ তহলদাৰী বনকৰ্মীয়ে জব্দ কৰে অবৈধ কাঠসহ বাহনখন । বনকৰ্মীৰ দলটোৱে উক্ত চোৰাং কাঠ সৰবৰাহত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত লোক দুজন ক্ৰমে জিতেন ৰংফাৰ আৰু বিদ্যা তেৰাং বুলি জানিব পৰা গৈছে ৷

কলিয়াবৰত চেগুণ গছৰ কুণ্ডাসহ বাহন

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বাক্সে পাহাৰ ধ্বংস কৰি দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায়ী চক্ৰই মূল্যবান পাহাৰীয়া গছ কাটি ৰমৰমীয়া বেহা চলাই আহিছে ৷ ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ কলিয়াবৰ, চিৰাং, চিদলী, নগাঁও, গোলাঘাট আদিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে ৷

লগতে পঢ়ক: লাহৰিজানত বৃহৎ পৰিমানৰ হেৰ'ইন সহ তিনি সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.