কলিয়াবৰ, 26 আগষ্ট : 31 আগষ্টত এন আৰ চি প্ৰকাশ কৰাৰ বিৰোধিতা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। সোমবাৰে কলিয়াবৰত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । পৰিষদে চৰকাৰক 1971 চনৰ পৰিৱৰ্তে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দাবী জনায় ।
হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটু ভাষাৰে সমালোচনা কৰে। বিশেষকৈ এন আৰ চিৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে স্ব-বিৰোধী স্থিতি লোৱা বুলি বৈশ্যই অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে,মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে 1971 চনক নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ হিচাপে শুনানি গ্ৰহণ কৰি জাতীয় নায়ক হিচাপে পৰিচিত হৈ অৱসৰৰ পাছত ৰাজনীতি ক্ষেত্ৰত প্ৰৱেশ কৰাৰহে সন্দেহ হৈছে ৷