ETV Bharat / state

কেবৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুবালিত সমৱেত লক্ষাধিক জনতা ওলাই আহিল - অ’ মোৰ আপোনাৰ দেশ

নগাঁৱৰ নেহেৰুবালিত পুৱাৰ ভাগত লক্ষাধিক জনতা সমৱেত,কেবৰ বিৰুদ্ধে সমবেত লক্ষাধিক লোক,কৃষ্ণমণি নাথে কেব বিৰোধী গীত সৃষ্টি কৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত পৰিৱেশন কৰে,স্থানীয় শিল্পী,সাহিত্যিক,লেখক তথা সাংবাদিকৰ আহ্বান স্বৰূপে ওলাই আহে প্ৰতিজন অসমীয়া

পৰিৱেশন কৰিলে অ’ মোৰ আপোনাৰ দেশ
কেবৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুবালিত সমৱেত শতাধিক জনতা
author img

By

Published : Dec 12, 2019, 8:39 PM IST

Updated : Dec 13, 2019, 6:21 PM IST

নগাওঁ,12 ডিচেম্বৰঃ কেবৰ বিৰুদ্ধে নগাঁৱত বৃহস্পতিবাৰে ওলাই আহে লক্ষাধিক প্ৰতিবাদকাৰী ৷ প্ৰতিবাদকাৰীসকলে কঁপাই তোলে নগাঁও নেহেৰুবালিৰ বাকৰি ৷ শিল্পী, সাহিত্যিক, লেখক, সাংবাদিক, ছাত্ৰ আৰু কৰ্মচাৰী সমন্বিতে সকলো জনসাধাৰণ ওলাই আহে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাহিৰে ৷ লোকে লোকৰণ্য হৈ পৰে কলঙৰ বাকৰি ৷ বিগত কিছুদিনৰ পৰা চলা অসমবাসীৰ ধাৰাবাহিক আন্দোলন, প্ৰতিবাদক ভেঙুচালি কৰি বুধবাৰে ৰাজ্যসভাত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছত দুগুণ উত্তেজিত হৈ পৰিছে জনসাধাৰণ ৷

কেবৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুবালিত সমৱেত শতাধিক জনতা

নগাঁৱৰ স্থানীয় শিল্পী, সাহিত্যিক, লেখক তথা সাংবাদিকৰ আহ্বান স্বৰূপে ওলাই আহে প্ৰতিজন অসমীয়া । নগাঁৱৰ নেহেৰুবালিত পুৱাৰ ভাগত লক্ষাধিক জনতা সমৱেত হোৱা পৰিলক্ষিত হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাওঁ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে ৷ প্ৰতিবাদী দলটোৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ । কাৰ্যসূচীটোৰ অন্তত দলটোৱে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভাৰ । চৰকাৰে বলপূৰ্বক কেব জাপি দিলেওঁ অসমীয়াই কোনো কাৰণতে ইয়াক গ্ৰহণ নকৰে বুলি হুংকাৰ দিয়ে প্ৰতিবাদী দলটোৱে ৷ প্ৰতিবাদৰ অন্তত সমবেত লক্ষাধিক লোকে জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰে । শিল্পী কৃষ্ণমণি নাথে কেব বিৰোধী গীত সৃষ্টি কৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত পৰিৱেশন কৰে ৷

পৰিৱেশন কৰিলে অ’ মোৰ আপোনাৰ দেশ

লগতে চাওকঃবিজেপিৰ পৰা পদত্যাগ যতীন বৰাৰ

Intro:লক্ষাধিক জনতাৰ বজ্ৰহুংকাৰত কঁপিল নগাওঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাতো গৃহীত হোৱাৰ পিছতেই নগাঁৱতো ওলাই আহিল শিল্পী ,সাহিত্যিক, লেখক,সাংবাদিক, ছাত্ৰ সমাজৰ লগতে নগাঁৱৰ লক্ষাধিক লোক। কলঙৰ বাকৰি নেহৰুৱালীৰ পৰাই উলিয়ালে বিশাল সমদল। চৰকাৰ বিৰোধী ধ্বনিত কঁপিল ৰাজপথ।

Body:কেবৰ বিৰুদ্ধে নগাঁৱত বজ্রহুংকাৰ।
লক্ষাধিক প্ৰতিবাদকাৰীয়ে কঁপালে নগাওঁ।
ওলাই আহিল শিল্পী, সাহিত্যিক, লেখক, সাংবাদিক, ছাত্ৰ, কৰ্মচাৰী।
চাওক দৃশ্য। কেৱল মানুহ আৰু মানুহ। লোকৰণ্য কলঙৰ বাকৰি নেহৰুৱালী। লোকৰণ্য নগাঁৱৰ ৰাজপথ। অসমবাসীৰ ধাৰাবাহিক আন্দোলন, প্ৰতিবাদক ভেঙুচালি কৰি বুধবাৰে ৰাজ্যসভাত নিজৰ শক্তি প্ৰদৰ্শনেৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন নগঞা অসমীয়াই। নগাঁৱৰ শিল্পী সাহিত্যিক, লেখক, সাংবাদিকৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল নগাঁৱৰ প্ৰতিজন অসমীয়া। কলঙৰ বাকৰি নেহৰুৱালীত পুৱাই সমাবেত হয় লক্ষাধিক জনতা। অংশগ্ৰহণ কৰিলে নগাঁৱৰ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰীও। নগাওঁ চহৰৰ মাজেৰে উলিওৱা সমদলৰ দৃশ্য এয়া। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল নগাঁৱৰ আকাশ বতাহ। সমদলৰ অন্তত নেহৰুৱালীত অনুষ্ঠিত কৰে প্ৰতিবাদী সভাৰ। বিভিন্ন দল সংগঠনৰ লগতে শিল্পী সাহিত্যিকেও দিলে চৰকাৰক সকীয়নী। চৰকাৰে জাপি দিলেও অসমীয়াই কোনো কাৰণত গ্ৰহণ নকৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।
bite-

Conclusion:সমবেত লক্ষাধিক লোকে একেলগে গালে জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। প্ৰতিবাদী সভাত শিল্পী কৃষ্ণমণি নাথৰ কেব বিৰোধী গীত পৰিবেশন কৰে কৃষ্ণমণি নাথৰ লগতে প্ৰতিবাদকাৰী জনতাই।
song
-------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১২-১২-১৯
Last Updated : Dec 13, 2019, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.