ETV Bharat / state

নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই

author img

By

Published : May 29, 2021, 4:22 PM IST

Updated : May 30, 2021, 1:40 PM IST

নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ হৈছে আনন্দ মিশ্ৰ ৷ ইটোৰ পাচত সিটোকৈ অভিযান চলাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷

huge-drugs-seized-at-nagaon-etv-bharat-news
নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই

নগাঁও, 29 মে’: নগাঁৱত এতিয়া অপৰাধীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । নগাঁৱত যোগদান কৰাৰ পিছৰে পৰা জিলাখনত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত নগাঁৱৰ ছোটৰূপহীত অভিযান আৰক্ষীৰ এটা বৃহৎ দলৰ । নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু মানস শইকীয়াৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান চলিছিল ছোটৰূপহীৰ মুনচুৰ আলীৰ ঘৰত । আৰক্ষীৰ অভিযানৰ সময়ত আৰক্ষীৰ দলটোক পিষ্টলৰে ভাবুকি প্ৰদান কৰি পলায়নৰ চেষ্টা কৰে মুনচুৰ আলীয়ে । লগে লগে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ।

ইফালে আৰক্ষীৰ গুলীত আহত মুনচুৰক আটক কৰি মুনচুৰৰ পৰা এটা নাইন এম এম পিষ্টলৰ লগতে ছয় জাই সজীৱ গুলী আৰু বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । আনন্দ মিশ্ৰৰ হুংকাৰ, নগাঁৱক ড্ৰাগছৰ লগতে অন্যান্য অপৰাধমুক্ত কৰিবলৈ যিকোনো পন্থাই অৱলম্বন কৰা হ'ব ।

আনহাতে, দেওবাৰে মাজনিশা পৰ্যন্ত নগাঁও আৰক্ষীৰ আন এটা দলে অভিযান চলায় নগাঁও চহৰৰ শিৱনগৰত । শিৱনগৰৰ এটা ভাড়াঘৰত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই লাভ কৰে বৃহৎ সফলতা ।

শিৱনগৰৰ এটা ঘৰত ভাৰতীয় হিচাপে থকা মোজাম্মিল আৰু আনুৱাৰৰ ঘৰত অভিযান চলাই আৰক্ষীৰ দলে । মাজনিশা পৰ্যন্ত চলা অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ।

অভিযানৰ সময়ত উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ যোগান দিয়া এই বৃহৎ চক্ৰ উৎখাত হয় আৰক্ষীৰ অভিযানত । অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী মোজাম্মিল আৰু আনুৱাৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক: পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ

Last Updated : May 30, 2021, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.