কলিয়াবৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলিয়াবৰৰ নম্ৰতা বৰুৱাই দখল কৰিছে নৱম স্থান ৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নম্ৰতা ৷

মুঠ 467 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নম্ৰতাই । নম্ৰতা কলিয়াবৰৰ জখলাবন্ধাৰ নিবাসী সীমান্ত বৰুৱা আৰু ৰীতা বৰুৱাৰ কন্যা ৷ উল্লেখ্য যে, কলিয়াবৰৰ পৰা প্ৰিয়াংক্ষী গোস্বামীয়েও কলা শাখাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ প্ৰিয়াংক্ষী ৰেনেছা জুনিয়ৰ কলেজৰ ছাত্ৰী ৷