বটদ্ৰৱা, 31 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ বহিঃৰাজ্যৰ পৰা অহা লোকেৰে ভৰি পৰিছে ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰ সমূহ ৷ তাৰ মাজতে ধিং সমষ্টিৰ পৰমাইভেটি গাঁৱত গাওঁ বাসীয়ে স্থাপন কৰিলে হোম কোৱাৰেণ্টাইন কেম্প ৷ পৰমাইভেটি দাৰুল হাদিছ ইছলামিয়া মাদ্ৰাছাত স্থাপন কৰা এই কেম্পটোত আছে সকলো সা-সুবিধা ৷ চৰকাৰী কোৱোৰেন্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেন্টাইনলৈ পঠোৱা লোক সকলৰ বাবে প্ৰস্তুত কৰা হৈছে এই কোৱোৰেন্টাইন কেম্পটো ৷
উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা আহি চৰকাৰী কোৱেৰন্টাইন কেন্দ্ৰত থকাৰ পাছত হোম কোৱাৰেন্টাইনলৈ পঠিওৱা গাঁওখনৰ বহু শ্ৰমিক আৰু ছাত্ৰ ছাত্ৰীক এই কোৱাৰেন্টাই কেম্পটোত ৰখা হ'ব ৷ পৰমাইভেটি গাওঁ পঞ্চায়তৰ অধিনৰ তিনিখন গাঁৱৰ লোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেম্পটোৰ পৰিচালনা সমিটিয়ে ৷ উল্লেখনীয় যে, এই কেম্পটো পৰিচালনাৰ বাবে গঠন কৰা হৈছে এখন বিশেষ কমিটি । য'ত আছে চিকিৎসক, নাৰ্ছ, আশা কৰ্মী, অঙ্গনৱাড়ী কৰ্মী, গাঁওৰক্ষী বাহিনী, পঞ্চায়ত প্ৰতিনিধি গাঁওবুঢ়াৰ লগতে বহু সচেতন ব্যক্তি । পৰমাইভেটি গাওঁবাসীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে ।
লগতে পঢ়কঃ জন্মু-কাশ্মীৰৰ পৰা 2800 কি: মি খোজ কাঢ়ি অসম পালেহি অনন্ত ৰাণা