ETV Bharat / state

আজি ভাদ মাহৰ সংক্ৰান্তি : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য - Kaliabar News

আজি ভাদ মাহৰ সংক্ৰান্তি ৷ প্ৰাতঃ প্ৰসংগৰে পবিত্ৰ ভাদ মাহক আদৰণি ৷

হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য
হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য
author img

By

Published : Aug 17, 2021, 11:21 AM IST

Updated : Aug 17, 2021, 1:21 PM IST

কলিয়াবৰ, 17 আগষ্ট : জাতিটোক একতাৰ ডোলেৰে বান্ধি বৈকুণ্ঠ প্ৰয়াণৰ পবিত্ৰ মাহটোত গুৰু দুজনাক স্মৰণ কৰিব ৰাজ্যবাসীয়ে ৷ আজিৰে পৰা আৰম্ভ হৈছে অসমীয়া জাতিৰ পবিত্ৰ মাহ ভাদ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি এই ভাদ মাহতে ৷ তদুপৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই পবিত্ৰ ভাদ মাহতে ।

হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য

ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন ঘোষাৰে মুখৰিত এক পবিত্ৰ পৰিৱেশৰ কথা । আধ্যাত্মিকতা গঢ়াৰ প্ৰধান সোপান ল’ব পাৰি ভাদ মাহতে । কাৰণ অসমীয়াৰ বাৰ মাহৰ ভিতৰত আটাইতকৈ পবিত্ৰ মাহ হ’ল ভাদ মাহ । ভক্তিৰসেৰে পূৰ্ণ এই মাহৰ প্ৰতিটো দিনেই পবিত্ৰ ।

আজি পহিলা ভাদ
আজি ভাদ মাহৰ সংক্ৰান্তি

পবিত্ৰ মনতহে ঠাই লয় আধ্যাত্মিকতাই ৷ নামঘৰে নামঘৰে, সত্ৰই সত্ৰই জ্বলোৱা ধূপ-ধূনা, চন্দনৰ গোন্ধই মানুহৰ মনটো আধ্যাত্মিকতাৰ গভীৰতালৈ নিয়ে । য’ত থাকে ঈশ্বৰ চিন্তাৰ প্ৰাসংগিকতা । সত্ৰ-নামঘৰবোৰত পুৱা, দুপৰীয়া, আবেলি, গধূলি এই চাৰি প্ৰসংগত গোৱা হৰি নামৰ ধ্বনিয়ে হৃদয়ৰ পৰা হৃদয়লৈ আধ্যাত্মিকতা বিস্তাৰ কৰে ৷

লগতে চাওক: ওপজা দিনত বিহু সম্ৰাট খগেন মহন্তলৈ শ্ৰদ্ধাঞ্জলি...

Last Updated : Aug 17, 2021, 1:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.