কলিয়াবৰ, ৯ অক্টোবৰ :
‘‘কৈ যোৱা ডাকোৱাল ! খোজ কিয় কোবাল
ৰুনুক-জুনুক কিনো বাজে ?
তোমাৰ সি টোপোলাত চিঠি নামে অসংখাত
কিনো অদ্ভূত বস্তু বাজে ?’’
- লক্ষ্মীনাথ বেজবৰুৱা
আজি বিশ্ব ডাক দিৱস । প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ৯ অক্টোবৰৰ দিনটো বিশ্ব ডাক দিৱস হিচাবে পালন কৰা হয় । দৰাচলতে দৈনন্দিন জীৱনত ডাকোৱাল (পোষ্টমেন)ৰ পদটোৰ ভূমিকাৰ বিষয়ে জ্ঞাত হ’বলৈ প্ৰতি বছৰে এই দিৱসটি উদযাপন কৰা হয় । সমগ্ৰ বিশ্বই এইবাৰৰ বিশ্ব ডাক দিৱস ২০২৩ য়ে ‘‘সমূহৰ বাবে বিশ্বাস : সুৰক্ষিত আৰু সম্পৰ্কিত ভৱিষ্যতৰ বাবে সহযোগ"ৰ লক্ষ্যৰে পালন কৰিব ।
১৯৬৯ চনৰ জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত বিশ্ব ডাক সন্থা কংগ্ৰেছে ৯ অক্টোবৰক বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে । তেতিয়াৰ পৰা ডাক সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয় । ১৯৪৭ চনৰ স্বাধীনতাৰ সময়লৈকে দেশত ডাকঘৰৰ সংখ্যা আছিল ২৩,৩৩৪ টা ।
শেহতীয়া তথ্য মতে, এই সংখ্যা ১,৫৬,৭২১টা হৈছে । ইয়াৰে নগৰ অঞ্চলৰ ডাকঘৰৰ সংখ্যা হ'ল - ১৫,৭০৩ টা, গাঁও অঞ্চলত থকা ডাকঘৰৰ সংখ্যা- ১,৪৮, ০১৮ টা । ইতিহাসৰ পাঠ লুটিয়াই চালে গম পোৱা যায় যে, কলিয়াবৰৰ শিলঘাটত বৃটিছে ১৯১০ চনত প্ৰথম ডাকসেৱা আৰম্ভ কৰে । পৰৱৰ্তী সময়ত ১৯২০ চনত এটি পকী ডাকঘৰ নিৰ্মাণ কৰে ।
সেই ডাকঘৰতে এতিয়াও ডাক বিভাগৰ কাম-কাজ চলি আছে যদিও বৃটিছ যুগৰ ঘৰটো মেৰামতি আৰু সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে । ১৯২০ চনৰ পৰা শিলঘাটটৰ পৰা যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ হোৱাৰ লগে-লগে এই ডাকঘৰে অধিক গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ।
স্বাধীনতাৰ পাচত কলিয়াবৰত জখলাবন্ধা, কুঁৱৰীটোল, মিছা, কুঠৰী, আমবাগান আদি স্থানত ডাকঘৰ প্ৰতিষ্ঠা কৰা হয় । ১৭৭৮ চনৰ মাৰ্চ মাহত ইষ্ট ইণ্ডিয়া কোম্পেনীৰ গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছে সৰ্বসাধাৰণৰ বাবে ডাকসেৱা প্ৰৱৰ্তন কৰে । ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত অৰ্পন কৰাৰ লগে লগে ভাৰতত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয় ।
পৰৱৰ্তী কালত বৃটীছ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছীৰ শাসন কালত ১৮৬১ চনত সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে ডাকসেৱাৰ প্ৰৱৰ্তন কৰে । ১৮৬১ চনৰ অন্তত ৮৮৯ টা ডাকঘৰ স্থাপন কৰা হয় । দেশৰ ভাৰতৰ মুম্বাইত প্ৰথম ডাকঘৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অসমৰ গোৱালপাৰা জিলাত প্ৰথম ডাকঘৰ প্ৰতিষ্ঠা হৈছিল ।
উল্লেখযোগ্য যে, ডাকঘৰৰ জৰিয়তে বাৰ্তা আদান-প্ৰদান হয় । এই ডাকঘৰৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ ৯ অক্টোবৰ দিনটো “বিশ্ব ডাকঘৰ দিৱস” হিচাপে পালন কৰা হয় ৷ লগতে ১০ অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় “ডাকসেৱা দিৱস” হিচাপে পালন কৰা হয় ।
এই ডাকঘৰৰ লগত জড়িত থকা এটা মূল্যবান বস্তু হৈছে ডাক টিকট । ১০ অক্টোবৰত ডাক টিকট প্ৰকাশ কৰা হয় । ১৮৫২ চনত পাকিস্তানৰ অন্তৰ্গত সিন্ধু প্ৰদেশত প্ৰথমে ডাক টিকট প্ৰকাশ পাইছিল । এই ডাক টিকটেই এছিয়া মহাদেশৰ প্ৰথম ডাক টিকট আছিল ৷
গ্ৰেট ব্ৰিটেইনত প্ৰথম ডাক টিকট প্ৰচলন হৈছিল । যদিও চিঠিখনৰ প্ৰচলন দিনে দিনে কমি আহিছে তথাপিও কিন্তু ডাকঘৰৰ গুৰুত্ব এতিয়াও কমা নাই । ডাকঘৰৰ জৰিয়তে বিভিন্ন নথি-পত্ৰ, পাৰ্চেল আদি আদান-প্ৰদান কৰা হয় । তাদুপৰি ডাকঘৰৰ জৰিয়তে মানুহে সঞ্চয় আৰু জীৱন বীমাৰ সুবিধাও লাভ কৰিছে ।
ভাৰতীয় ডাক সেৱা এতিয়া বেংক সেৱালৈও ৰূপান্তৰ হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ ২০১৮ চনৰ পৰা ৬৫০ টা ডাকঘৰত আৰম্ভ কৰা হৈছে ডাক বেংকৰ শাখা । যোৱা সময়ছোৱাত এই ডাক বেংক সংখ্যা বৃদ্ধি পাইছে । এনেদৰে এক দীৰ্ঘ পৰিক্ৰমাৰ পাচত নব্য তথ্য প্ৰযুক্তিৰ সেৱা সম্প্ৰসাৰণৰ জৰিয়তে ভাৰতীয় ডাকে একক আৰু অনন্য মাত্ৰা লাভ কৰে । চিঠি আদান প্ৰদানৰ জৰিয়তে আৰম্ভ হোৱা ডাক বিভাগে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱা আৰম্ভ কৰে ।
বিশেষকৈ ম’বাইল সেৱাৰ দ্ৰুত সম্প্ৰসাৰণে চিঠি ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই অনা সত্বেও ম’বাইল বিল ঘৰে ঘৰে প্ৰেৰণৰ দৰে প্ৰত্যাহ্বানমূলক সেৱাও আৰম্ভ কৰে । তথাপিও ম’বাইল যুগৰ দ্ৰুত সম্প্ৰসাৰণে চিঠি লিখি ডাকত পঠিওৱা ব্যৱস্থাক অস্তিত্ব সংকটলৈ ঠেলি দিয়াৰ সময়তে ডাক বিভাগে বিত্তীয় ব্যৱস্থাপনাৰ দিশটো আধুনিককৈ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰে ।
ডাক সেৱা হৈছে গাঁৱৰ পৰা চহৰ, চহৰৰ পৰা ৰাজ্য, ৰাজ্যৰ পৰা দেশ আৰু বিদেশৰ সৈতে সংযোগ কৰা আটাইতকৈ পুৰণি আৰু আটাইতকৈ নিৰ্ভৰযোগ্য সেৱা আছিল । ম’বাইল ফোন, টেলিফোনৰ ব্যৱহাৰ নথকা দিনৰ পৰা জীৱনৰ সকলো স্তৰৰ মানুহে তেওঁলোকৰ বাৰ্তাবোৰ চিঠি-পত্ৰৰ জৰিয়তে ইজনে-সিজনক প্ৰেৰণ কৰিছিল ।
প্ৰশাসনৰ যিকোনো কামে হওক বা সীমান্তৰ সৈনিকসকলক তেওঁলোকৰ ঘৰলৈ বাৰ্তা প্ৰেৰণ কৰাই হওক, ডাক সেৱাই যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা হিচাপে ইয়াৰ ভূমিকা পালন কৰিছে । আজি, যোগাযোগৰ বহুতো মাধ্যম উপলব্ধ হোৱাৰ পাচতো, ডাক সেৱাৰ প্ৰাসংগিকতা নোহোৱা হৈ যোৱা নাই ।
শ-শ সংগঠনে এতিয়াও তেওঁলোকৰ চৰকাৰী কামৰ বাবে ডাক সেৱাৰ ওপৰত নিৰ্ভৰ কৰে । সময়ৰ লগে লগে, ডাক সেৱাত প্ৰয়োজনীয় উন্নয়ন আৰু নতুন সংস্কাৰো আহি আছে । অৱশ্যে, আন চৰকাৰী ব্যৱস্থাৰ দৰে ভাৰতীয় ডাক সেৱাৰো অৱনতি ঘটিল । সময়মতে চিঠি-পত্ৰকে ধৰি আন প্ৰয়োজনীয় সা-সামগ্ৰী গ্ৰাহক লাভ নকৰা হ'ল ।
ডাক বিভাগৰ বিৰুদ্ধে বিভিন্ন অভিযোগৰ তালিকা দীঘল হ'ল । তাৰ সুবিধা গ্ৰহণ কৰি বহুৰাষ্ট্ৰীয় তথা দেশীয় ব্যক্তিগত খণ্ডৰ কুৰিয়াৰ ছাৰ্ভিচ সংস্থাবোৰে চিঠি-পত্ৰ, আন সা-সামগ্ৰী সঠিকভাৱে আদান-প্ৰদান কৰি থাকিল । ফলস্বৰূপে ডাকঘৰত সঞ্চয়, বেংক আৰু বীমা সেৱাৰ দৰে অনাডাক সেৱা মুকলি কৰিব লগাত পৰিল ।
অৱশ্যে এই সেৱাত ভাৰতীয় ডাক বিভাগে সফলতা লাভ কৰিছে । আনহাতে, চিঠি-পত্ৰ আদান-প্ৰদান ব্যৱস্থাটো কেৱল চৰকাৰী সেৱাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে বুলি ক’লেও অযুক্তি কৰা নহ’ব ।
৯ অক্টোবৰ “বিশ্ব ডাকঘৰ দিৱস”ৰ বিষয়ে ক’বলৈ যোৱাৰ লগে লগে আমাৰ চিৰপৰিচিত শ্ৰদ্ধাৰ খগেন মহন্তৰ কণ্ঠত নিগৰিত হোৱা “পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি…, কৈ যোৱা ডাকোৱাল খোজ কিয় কোৱাল, ৰুনুক জুনুক কিনো বাজে…?’’ ৰ দৰে কালজয়ী গীতে মনত আন্দোলিত কৰে ৷ এই গীতবোৰত আছে মৰমৰ চিঠিখনৰ কথা ।
চিঠি… এক মাদকতা পূৰ্ণ এখোপা বোজাৰ সমাহাৰ । য’ত থাকে মনৰ ভাৱ ,আশা -আকাংক্ষা । আগৰ দিনত এই চিঠিৰ জৰিয়তে খবৰসমূহ আদান-প্ৰদান হৈছিল । ৰজাৰ দিনতো খবৰ আদান-প্ৰদান কৰিবলৈ কটকীৰ হাতত তুলি দিয়া হৈছিল চিঠি ।
এক অৰ্থত ক’বলৈ গ’লে চিঠিখনেই বহু ঘটনা-পৰিঘটনাৰ সাক্ষৰ বহন কৰা মাধ্যম আছিল । লাহে লাহে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দ্ৰুত প্ৰসাৰৰ লগে লগেই আমাৰ মাজৰ পৰা মাদকতা ভৰা চিঠিখনৰ জনপ্ৰিয়তা কমি আহিবলৈ ধৰিলে আৰু তাৰ ঠাই ল’লে ফোনটোৱে । কাৰণ ফোনটোত ঠাইতে এটা টিপা মৰিলেই হ’ল নিমিষতে ই গড়গাঁও পাই যাইগৈ । কিন্তু যিসকলে এই চিঠিৰ আমেজ পাইছিল, তেওঁলোকৰ মনত আজিও চিঠিখনৰ প্ৰতি দুৰ্বলতা থকা দেখা যায় ।
লগতে পঢ়ক : AGP criticized AJP; অসম জাতীয় পৰিষদে অগপ দলক ক্ষতি কৰিব নোৱাৰে : জিতু বৰগোঁহাই