নগাঁও, 16 ফেব্ৰুৱাৰী : আজি সৰস্বতী পূজা । সৰস্বতী পূজাৰ পিছৰ দিনটোত অৰ্থাৎ মাঘী সপ্তমী তিথিত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত ঐতিহাসিক চম্পাৱতী মহা কুণ্ডমেলা মেলাখনৰ বাবে মঙলবাৰে বিয়লি পৰ্যন্ত পূৰ্ণ প্ৰস্তুতি চলাইছে উদ্যোক্তাৰ লগতে চাপানালাবাসীয়ে । আজি বিয়লি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক লোকে বিভিন্ন বিপনীৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷
চাপানালাৰ বনভোজস্থলীত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভব্য মেলাখনলৈ প্ৰায় লক্ষাধিক দৰ্শনাৰ্থী আগমন ঘটাৰ আশা ৰাখি পৰিচালনা কমিটিয়ে কৰিছে বিশেষ আয়োজন । প্ৰবাদ অনুসৰি মাঘী সপ্তমী তিথিত কুণ্ডৰ জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে ভক্তৰ মনৰ সৎ অভিষ্ট পূৰ্ণ হয় । যাৰ বাবে ভক্ত তথা দৰ্শনাৰ্থীয়ে কুণ্ড দৰ্শনৰ বাবে আৰোহন কৰিবলগীয়া হয় এটি দুৰ্গম পথ । ইতিমধ্যে পথটোৰে যাতায়ত সুচল কৰাৰ বাবে উদ্যোক্তাসকলে হাবি-জঙ্ঘল আঁতৰাই চাফাই কাম কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : ১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন