ETV Bharat / state

1989 তে নিৰ্মাণ কৰা দলংখন মুকলি কৰিলে হিমন্তই - নগাঁও সদৰ সমষ্টি

নগাঁওবাসীৰ বাবে কেইবাটাও ভাল খবৰ লৈ মহাসপ্তমীত নগাঁৱত উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । প্ৰৱল বৰষুণৰ মাজতেই শুভ উদ্বোধন কৰিলে উন্নয়নমূলক কামৰ। তিনি দশকৰ অন্তত নগাঁওবাসীৰ বাবে মুকলি কৰি দিলে ভূঞাপট্টিৰ পকী দলং। আধাৰশিলা স্থাপন কৰিলে ধিং গেটৰ নলা নিৰ্মাণৰ কামৰ । বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

himanta
himanta
author img

By

Published : Oct 23, 2020, 8:47 PM IST

নগাঁও, 23 অক্টোবৰ : মহাসপ্তমীৰ দিনা প্ৰৱল বৰষুণৰ মাজতেই সতীৰ্থ মন্ত্ৰী পিয়ুষ হাজৰিকাক লগত লৈ নগাঁৱত উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । পুৱাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁও চহৰ পোহৰাই ৰখাৰ উদ্দেশ্যে উদ্ধোধন কৰে হাইমাষ্ট লাইটৰ । নগাঁও চহৰৰ মাজমজিয়াৰ কলেজ পইণ্টত শুভ উদ্ধোধন কৰে হাই মাষ্ট লাইটৰ । ইয়াৰ পিছতেই নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰৰ ১২৫ সংখ্যক দুৰ্গা পূজা উৎসৱ স্থলীত উপস্থিতি হৈ আশীষ লয় মন্ত্ৰীগৰাকীয়ে ।

তাৰ পাছতেই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নগাঁৱৰ ভূঞাপট্টিত । বিগত তিনি দশকৰ অন্তত ভূঞাপট্টিৰ এখন পকী দলঙৰো শুভ উদ্বোধন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ১৯৮৯ চনতে তদানীন্তন অগপ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা ভূঞাপট্টিৰ পকী দলঙখন ত্ৰিশ বছৰে হৈ আছিল পৰিত্যক্ত । দলং নিৰ্মাণ হৈছিল যদিও দলঙৰ দুয়োপাৰ নিৰ্মাণ নকৰাৰ ফলত দলংখনৰে সম্ভৱ হোৱা নাছিল যাতায়ত । বহু বিয়া, সভাও অনুষ্ঠিত হৈছিল দলংখনত । অৱশেষত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত ওলমা দলং হিচাপে পৰিচিত হোৱা দলংখনৰে সম্ভৱ হ'ল যাতায়ত। দলংখনৰ শুভ উদ্বোধন কৰি এয়া নগাঁও চহৰবাসীৰ বাবে এটা স্মৰণীয় দিন বুলি উল্লেখ কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।

1989 তে নিৰ্মাণ কৰা দলংখন মুকলি কৰিলে হিমন্তই

উল্লেখযোগ্য যে অহা নৱেম্বৰ মাহৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ডেৰ শ কোটি টকা ব্যয়েৰে উন্নয়নৰ কাম আৰম্ভ হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । একেদিনাই নগাঁও চহৰৰ ধিং গেটৰ কৃত্ৰিম বানৰ আন এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে ধিং গেটৰ পৰা সোনাই নদীলৈ ৯ কোটি টকা ব্যয়েৰে পথৰ দুয়ো কাষে নলা নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.