ETV Bharat / state

নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ

নগাঁৱৰ ৰাজপথত উদ্ধাৰ এগৰাকী অসহায় বৃদ্ধ ৷ পংখী বৰা নামৰ এগৰাকী যুৱতীৰ তৎপৰতাত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ সহযোগত উদ্ধাৰ কৰা হয় বৃদ্ধগৰাকীক ৷

author img

By

Published : May 11, 2021, 7:11 AM IST

নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ
নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ

নগাঁও, 11 মে': চৌদিশে মহামাৰীৰ আতংক ৷ মহামাৰীৰ সংহাৰত জনজীৱন স্তব্ধ ৷ ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ মানৱ জাতি ৷ তাৰ মাজতে নগাঁৱৰ ৰাজপথত উদ্ধাৰ এগৰাকী অসহায় বৃদ্ধ ৷ ৰুগীয়া দেহাৰে বৃদ্ধগৰাকী পৰি ৰৈছে নগাঁৱৰ ৰাজপথত ৷ পংখী বৰা নামৰ এগৰাকী যুৱতীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় বৃদ্ধগৰাকীক ৷ ৰাজপথত চুচৰি চুচৰি গৈ থকা অৱস্থাত যুৱতী গৰাকীয়ে প্ৰত্যক্ষ কৰি স্থানীয় মৰিকলং আৰক্ষী চকীৰ লগত যোগাযোগ কৰি বৃদ্ধগৰাকীক উদ্ধাৰ কৰে ৷

নগাঁৱৰ ৰাজপথত উদ্ধাৰ অসহায় বৃদ্ধ

যুৱতী গৰাকীৰ অনুৰোধ মৰ্মে মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্রী কলিতাৰ সহযোগত নগাঁৱৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰা হয় বৃদ্ধ গৰাকীক। উল্লেখ্য যে, কলিয়াবৰ অঞ্চলৰ সৰুকণ নামৰ বৃদ্ধগৰাকী বিগত এটা বছৰ ধৰি মৰিকলং অঞ্চলতেই থকা বুলি প্ৰথমাৱস্থাত উদ্ধাৰ কৰা যুৱতীগৰাকী অৱগত হৈছিল যদিও বৃদ্ধলোকজন নগাঁৱৰে আন এটা বৃদ্ধাশ্ৰমত আছিল বুলি এক বিশেষ সূত্রে জানিব পৰা গৈছে ।

লগতে পঢ়ক: স্বামীক মোকোলাই দিবলৈ কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.