নগাঁও,13 মে' : কোলাত কেঁচুৱা লৈ নগাঁৱত খাদ্য আৰু আশ্রয়ৰ বাবে হাহাকাৰ ঢেকীয়াজুলিৰ এটা পৰিয়ালৰ। মঙলবাৰে নিশা নগাঁৱৰ ৰাজপথত খাদ্য আৰু আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালটোৱে । কোলাত এবছৰীয়া সন্তান লৈ ডিমাপুৰৰ পৰা অহা পৰিয়ালটো বাছৰ পৰা নামিয়েই সহায় বিচাৰিছিল বৰঘাট আৰক্ষীৰ। কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত বৰঘাট বাইপাছৰ পৰা কোলাত কেঁচুৱা লৈ ৬ কিলোমিটাৰ খোজকাঢ়ি নগাঁও চহৰত উপস্থিত হয় পৰিয়ালটো।
নগাঁৱৰ ধাৰা বাছ আস্থানৰ সমীপৰ জিৰণি চৰাত অসহায় অৱস্থাত থকা পৰিয়ালটোৰ কাষত উপস্থিত হয় নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস। আৰক্ষী আৰু প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ তৎপৰতাত পৰিয়ালটোক স্বাস্থ্য পৰীক্ষাৰ লগতে নিশাৰ আহাৰ প্ৰদান কৰাৰ লগতে থকাৰ ব্যৱস্থা কৰা হয়।
লগতে পঢ়কঃলক্ ডাউনৰ শিক্ষাঃ ফুলকুমলীয়া বয়সতে কান্ধত পৰিছে পৰিয়ালৰ দ্বায়িত্ব