ETV Bharat / state

জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই ! - পঞ্চায়তৰ বিষয়ববীয়া

প্ৰায় চাৰি বছৰ ধৰি ঢকুৱাৰ বেৰ দিয়া এখন জৰাজীৰ্ণ ছালিৰ তলত বহু ধুমুহা, শিল-বৰষুণ আৰু প্ৰচণ্ড শীত কিম্বা উৎকট গৰম প্ৰতিহত কৰি জীৱন অতিবাহিত কৰি গৈছে আইতাগৰাকীয়ে ৷ শিহৰণকাৰী আইতাৰ দিনবোৰ, শুনিলেও বুকু কঁপি যোৱা আইতাৰ জীৱন ।

HELPLESS ELDERLY WOMEN
HELPLESS ELDERLY WOMEN
author img

By

Published : May 5, 2020, 5:20 PM IST

নগাঁও, 5 মে' : জীৱনৰ বিয়লি বেলাত গোহালি সদৃশ এটি ঘৰত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী 90 উৰ্ধৰ বৃদ্ধাই ৷ ঘৰ বুলিলে ভুল কোৱা হ'ব, ঢকুৱাৰ বেৰ দিয়া এখন জৰাজীৰ্ণ ছালি ৷ প্ৰায় চাৰি বছৰ ধৰি এই ছালিখনৰ তলতেই জাৰ-জহ নেওচিছে এইগৰাকী আইতাই ৷ ৰোগাগ্ৰস্ত আইতাৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে অজস্ৰ ধুমুহা ৷ তেওঁৰ নাম পুতুমাই ঘাটোৱাল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ধন্তলাৰ বাসিন্দা আইতাগৰাকী ৷

সুখ-দুখ দুয়োটাৰে কোনো যেন পাৰ্থক্যয়েই নাই আইতাৰ বাবে ৷ দুজনকৈ পুত্ৰ সন্তান আছে যদিও দাৰিদ্ৰতাৰ বাবে তেওঁলোকে মাতৃক মুখৰ ভাত মুঠি দিয়াৰ বাহিৰে স্বাস্থ্যৰ যত্ন ল'বলৈ অপৰাগ । অপৰাগ এটি সুৰক্ষিত ঘৰৰ তলত তেওঁলোকৰ মাতৃক ৰাখিবলৈ । ৯০ বছৰ অতিক্ৰম কৰিও আজিকোপতি বৃদ্ধ পেঞ্চন নাই পোৱা আইতা গৰাকীয়ে । চৰকাৰী চাউল কেইটাৰ বাহিৰে আন কোনোধৰণৰে চৰকাৰী সাহাৰ্য লাভ কৰা নাই আইতাগৰাকীৰ লগতে দুই পুত্ৰইও ৷ এনে দুৰ্বিসহ অৱস্থাৰ মাজতে কেতিয়াবা অসুস্থতা বাঢ়ি গ'লে ঠেলা গাড়ীৰে আইতাক লৈ যোৱা হয় ওচৰৰে চিকিৎসালয়লৈ ।

জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !

এই ছালিখনৰ তলতেই বহু ধুমুহা, শিল-বৰষুণ আৰু প্ৰচণ্ড শীত কিম্বা উৎকট গৰম প্ৰতিহত কৰি জীৱন অতিবাহিত কৰি গৈছে আইতাগৰাকীয়ে ৷ কেনে শিহৰণকাৰী আইতাৰ দিনবোৰ, শুনিলেও বুকু কঁপি যোৱা আইতাৰ জীৱন । কিন্তু এই আইতাগৰাকীক সহায় কৰিবলৈ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰতো আহৰি নায়েই, স্থানীয় পঞ্চায়তৰ বিষয়ববীয়াইও আহৰি পোৱা নাই তেওঁলৈ কেৰাহি কৈ চাবলৈ ৷ দাৰিদ্ৰতা আৰু অৱহেলাই সুখ-দুখৰ একেটা বিন্দুত অৱস্থান কৰিবলৈ বাধ্য কৰোৱা এই আইতাগৰাকীৰ প্ৰতি আংশিক হ'লে সদয় হ'বনে ৰজাঘৰীয়া ৷

লগতে পঢ়ক : লক্ ডাউন : বৃহৎ ক্ষতি পূৰাবলৈ অসম পৰ্যটনে কৰিছে নতুন পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.