ETV Bharat / state

উৰুকাৰ দিনা সত্তৰোৰ্ধৰ আইতাৰ উৰুখা পঁজাত বিৰিঙিল হাঁহি

author img

By

Published : Jan 13, 2021, 5:58 PM IST

Updated : Jan 13, 2021, 6:06 PM IST

উৰুখা পঁজাত উজাগৰী নিশা কটাই জীৱন যুঁজত ব্ৰতী হোৱা কলিয়াবৰৰ বৰভকতিৰ গাঁৱৰ স্বৰ্ণলতা হাজৰিকাৰ জহি-খহি যোৱা ঘৰটোয়ে আজি উৰুকাৰ দিনাই লাভ কৰিলে এক নতুন ৰূপ।

helping-hand-to-old-lady-at-kaliabor
উৰুকাৰ দিনা সত্তৰোৰ্দ্ধৰ আইতাৰ উৰুখা পঁজাত বিৰিঙিল হাঁহি

কলিয়াবৰ,13 জানুৱাৰী : উৰুখা পঁজাত উজাগৰী নিশা কটাই জীৱন যুঁজত ব্ৰতী হোৱা কলিয়াবৰৰ বৰভকতিৰ গাঁৱৰ সত্তৰোৰ্দ্ধৰ এগৰাকী বৃদ্ধা‌। নাম স্বৰ্ণলতা হাজৰিকা। অকলশৰীয়া জীৱন কটোৱা বিধৱা মহিলাগৰাকীৰ জহি-খহি যোৱা ঘৰটোয়ে আজি উৰুকাৰ দিনাই লাভ কৰিলে এক নতুন ৰূপ।

বিগত তিনিদিন ধৰি মেৰামতি কৰাৰ পিচত বুধবাৰে এগছি বন্তি প্ৰজ্বলন কৰি বাসোপযোগী কৰি তোলে এদল যুৱকৰ দলে। অগপ দলৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্ত আৰু পূৱথৰীয়া যুৱ পৰিষদৰ সদস‍্যৰ এটা দলৰ তৎপৰতাত নিৰ্মাণ কৰা হয় স্বৰ্ণলতা হাজৰিকা ঘৰটো । বৃদ্ধাগৰাকীৰ ঘৰৰ পানী পৰা চালি পুনৰ টিনপাত আৰু বেৰ মেৰামতিৰ লগতে বিচনাৰ আচবাব, বস্ত্ৰ আৰু ভোগালীৰ পিঠা-পনাৰ লগতে জলপান উপহাৰ ৰূপে আগবঢ়ায় যুৱকৰ দলটোৱে। বৃদ্ধা স্বৰ্ণলতা হাজৰিকাই যুৱকসকলৰ এই কাৰ্য‍ত আনন্দ-অশ্ৰুৰে সন্তুষ্টি প্ৰকাশ কৰে। মণিমাধৱ মহন্তই পঞ্চায়তসমূহক এনেধৰণৰ লোকক অগ্ৰাধিকাৰ ভিত্তিত হিতাধিকাৰীৰ স্থান দিয়াৰো পোষকতা কৰে।

লগতে পঢ়ক: গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট

Last Updated : Jan 13, 2021, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.