ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰি পিছতেই নগাঁৱৰ বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী

author img

By

Published : May 29, 2021, 10:41 PM IST

মহাবিদ্যালয়ত স্থাপন কৰা অসমৰ একমাত্ৰ ক’ভিড কেয়াৰ কেন্দ্ৰটোৱেই হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰ । মহিলাৰ বাবে স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত ২৪ ঘণ্টাই চিকিৎসক, স্বাস্থ্য কৰ্মীৰ এটা দলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক, কৰ্মচাৰীয়েও সেৱা আগবঢ়ায় ক’ভিড আক্ৰান্ত সকলক । কেৱল সেৱা আগবঢ়োৱাই নহয় নৃত্য, গীতেৰে মুখৰিত হৈ থাকে এই বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰটো ।

ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নগাঁৱৰ বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী

নগাঁও, 29 মে’: ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নগাঁৱৰ বিশেষ ক’ভিড কেয়াৰ চেণ্টাৰত উপস্থিত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক’ভিড কেয়াৰ কেন্দ্ৰৰ প্ৰশংসা স্বাস্থ্য মন্ত্ৰীৰ । ক’ভিড প্ৰট'কল মানি ক’ভিড আক্ৰান্তৰে মত বিনিময় মন্ত্ৰী কেশৱ মহন্তৰ । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ।

উল্লেখযোগ্য যে, মহাবিদ্যালয়ত স্থাপন কৰা অসমৰ একমাত্ৰ ক’ভিড কেয়াৰ কেন্দ্ৰটোৱেই হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰ । মহিলাৰ বাবে স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত ২৪ ঘণ্টাই চিকিৎসক, স্বাস্থ্য কৰ্মীৰ এটা দলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক, কৰ্মচাৰীয়েও সেৱা আগবঢ়ায় ক’ভিড আক্ৰান্ত সকলক ।

কেৱল সেৱা আগবঢ়োৱাই নহয় নৃত্য, গীতেৰে মুখৰিত হৈ থাকে এই বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰটো । উল্লেখযোগ্য যে, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ এটা বাতৰি শুকুৰবাৰে সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰত অসমত ।

ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শনিবাৰে ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসকৰ দলৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী ।

আনকি সম্পূৰ্ণ ক’ভিড প্ৰট'কল ৰক্ষা কৰি ক’ভিড আক্ৰান্তৰ সৈতেও মত বিনিময় কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । তাৰপিছতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ প্ৰশংসা কৰে মন্ত্ৰী কেশৱ মহন্তই ।

ইপিনে সাম্প্ৰতিক সময়ত ক'ভিড মহামাৰীত আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাজনীত সুবিধাৰ বাবে নগাঁওৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত স্থাপন কৰা ৬৮ খন অক্সিজেন যুক্ত বিচনাৰো শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই । উল্লেখযোগ্য যে, মাত্ৰ ১৪ দিনৰ ভিতৰতে এই কাৰ্য্য সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে । এই উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰীয়ে ।

উল্লেখযোগ্য যে, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ প্ৰচেষ্টাত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে নগাঁও জিলা প্ৰশাসনে । সম্প্ৰতি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীয়ে গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থাকোতে মহিলাক দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.