ETV Bharat / state

জুৰীয়াৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ - 2 বিঘা 3 লোচা মাটি দখল

শিক্ষা দানৰ বিপৰীতে মাটি বেদখলত নামি পৰাৰ অভিযোগ উঠিছে নগাঁও জিলাৰ ৰূপহীহাটস্থিত জুৰীয়া মেলেকাধিং আব্দুল খালেক মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে তেও কৰ্মৰত একেখন বিদ্যালয়ৰে 2 বিঘা 3 লোচা মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

জুৰীয়া এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ

author img

By

Published : Apr 13, 2021, 1:25 PM IST

ৰূপহীহাট, 13 এপ্ৰিল : শিক্ষা দানৰ বিপৰীতে মাটি বেদখলত নামি পৰিছে নেকি নগাঁও জিলাৰ ৰূপহীহাটস্থিত জুৰীয়া মেলেকাধিং আব্দুল খালেক মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষক গৰাকীয়ে ৷ কিয়নো বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিদ্যালয়খনৰ 2 বিঘা 3 লোচা মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

জুৰীয়াৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ

একাংশ স্থানীয় লোকে সদৰি কৰা মতে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ মাটি বেদখল কৰি পুখুৰী খন্দাৰ লগতে মাকৈ খেতি আৰম্ভ কৰিছে ৷ ইতিমধ্যে এই বিষয়ত বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষক গৰাকীৰ মাজত চলিছে তীব্ৰ বাক বিতণ্ডা ৷ তদুপৰি বিদ্যালয়ৰ পাঠদান কেই বজাৰ পৰা আৰম্ভ তাৰো কোনো নিদিষ্ট সময় নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, এই সমগ্ৰৰ বিষয়টোত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: আমবাৰীৰ পৰা অসমবাসীক ধন্যবাদ জনালে অতুল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.