নগাঁও, 20 নৱেম্বৰ: ধিঙৰ কৃষকসকলৰ সুবিধাৰ্থে বিশ্ব বেংকৰ সহযোগত চিলঙনী আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত জিলা কৃষি বিষয়া সকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰে (Harvesting Program in Nagaon) ৷ বৰ্তমানে কৃষকসকলে বিজ্ঞান আৰু প্ৰযুক্তি মাধ্যমেৰে কেনেকৈ কৃষি কৰ্ম কৰিব লাগে তাকে লৈ কৃষক সকলক পৰ্যালোচনা কৰে কৃষি বিষয়া সকলে (Harvesting Awareness program in Nagaon)৷
এই সজাগতা সভাত উপস্থিত থকা কৃষি বিষয়াগৰাকীয়ে কয়, "এই মেচিনটোক কমবাইন হাৰভেষ্টাৰ যন্ত্ৰ বুলি কোৱা হয় (Combine harvester machine for Farmers)৷ ইয়াৰ দ্বাৰা খেতিপথাৰৰ প্ৰায়সমুহ কাম একেলগে হৈ যায় ৷ সাধাৰণতে পঞ্জাৱ আৰু হাৰিয়ানাত ডাঙৰ ডাঙৰ হাৰভেষ্টিং মেচিন ব্যৱহাৰ হয় ৷ কিন্তু অসমত খেতিপথাৰবোৰ সৰু সৰু হোৱাৰ বাবে এইটো যন্ত্ৰৰে সকলো কাম সম্পন্ন হৈ যাব ৷
বড়ো ধান কটাৰ সময়ত খেতিপথাৰত পানী আৰু বোকাৰ পৰিমানে বেছি হোৱাৰ সম্ভাৱনা থাকে ৷ সেইবাবে আমি সৰু আকাৰ হাৰভেষ্টিং যন্ত্ৰটো দিছো ৷ যিটো বোকাতো চলিব, ডেৰ-দুই ফুট পানীতো চলিব ৷ এই যন্ত্ৰটো আকাৰত সৰু হোৱাৰ বাবে খেতিয়কসকলে সৰু সৰু খেতিপথাৰতো ব্যৱহাৰ কৰিব পাৰিব ৷ আমি দেখিছো যে ইয়াৰ লোকসকলক খেৰৰ প্ৰয়োজন হয় ৷ খেৰৰ দ্বাৰা কাঠফুলাৰ খেতিৰ লগতে, বিভিন্ন কামত সহায় হয় ৷ এই যন্ত্ৰৰ সহায়েৰে খেৰসমূহ দীঘল দীঘলকে থাকি যায় ৷"
কৃষি কৰ্মৰ সুবিধাৰ্থে হাৰভেষ্টিং যন্ত্ৰৰ যোগেদি খেতিডৰাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই পদ্ধতিৰ জৰিয়তে কৃষকসকলৰ খৰচ কম আৰু আয় দুগুণ বৃদ্ধি হব বুলি কৃষি বিষয়াগৰাকীয়ে মন্তব্য কৰে । এই অনুষ্ঠানৰ মাধ্যমৰ যোগেদি চৰকাৰী আচঁনি সমূহ লাভ কৰিবলৈ কৃষি বিষয়া সকলৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ।
লগতে পঢ়ক: Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ