বঢ়মপুৰ,১৯ ছেপ্টেম্বৰ: "অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে ।" জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ থৈ যোৱা বাক্য়শাৰীক যেন সঁচা কৰিবলৈ হাতে কামে লাগিচে কামপুৰৰ এদল মহিলা । কামপুৰকে ধৰি তেতিলীসৰাৰ একাংশ মহিলাই নিজেই যাতে অসমৰ থলুৱা সাজপাৰ সমূহ তৈয়াৰ কৰিব পাৰে তাৰে প্ৰতি দৃষ্টি ৰাখি গঢ়ি তুলিছে এক হস্ত তাঁত বস্ত্ৰ শিল্প উদ্যোগ । সোমবাৰে কামপুৰত "কনকলতা হস্ত তাঁত বস্ত্ৰ শিল্প উদ্যোগ" মুকলি কৰা হয়(Handloom industrty inaugurated in Kampur) ।
উদ্যোগটো উদ্বোধন কৰে অনুসূচীত জাতিৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে(Kanaklata handloom textile industry inaugurated) । কামপুৰৰ তিনিটা পঞ্চায়তৰ ১৫১ গৰাকী মহিলা একত্ৰিত হৈ বৰ্তমান সময়ত সমাজৰ পৰা লুপ্ত হ'বলৈ ধৰা অসমীয়া চহা জীৱনৰ অন্যতম লগৰী তাঁত শালখনক পুনৰুদ্ধাৰ কৰি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰি বহিৰাগত ব্যৱসায়ীক যাতে প্ৰত্যুত্তৰ দিব পাৰে তাৰ বাবে তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
আনহাতে অনুসূচীত জাতিৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে এই উদ্যোগটোৰ শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকি মহিলাসকলক উৎসাহিত কৰাৰ লগতে তিনিখন তাঁত শাল আৰু দুই পেকেট সূতা উদ্যোগটোলৈ আগবঢ়ায় । পৰৱৰ্তী সময়ত উদ্যোগটোৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰীসমূহ অনুসূচিত জাতিৰ উন্নয়ন বৰ্ডৰ পৰা সহায় কৰিব বুলি অধ্যক্ষ গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।
উদ্যোগটো উদ্বোধনী কার্যসূচীত উপস্থিত থাকে অনুসুচিত জাতি উন্নয়ন খণ্ডৰ কেইবাগৰাকী সদস্যৰ লগতে তেতেলীসৰা গাঁও পঞ্চায়তৰ সভাপতি দীন নাথ বৰদলৈ আৰু চৰকাৰী গাঁওবুঢ়া দিলীপ হাজৰিকা । এই উদ্যোগটোক লৈ যথেষ্ট আশাবাদী শিপিনীসকল ।
লগতে পঢ়ক: অৱশেষত খোল গালে আঠখেলীয়া নামঘৰৰ তলা