ETV Bharat / state

বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং

বগীবিল দলঙৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ এখন আৰ চি চি দলং। তিনিবাৰকৈ আধাৰশিলা স্থাপন হোৱা দলঙখন প্ৰায় 18 বছৰেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত নগাঁৱৰ চাপৰমুখবাসী ৷

বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং
author img

By

Published : May 2, 2019, 7:14 PM IST

নগাঁও,2মেঃ বগীবিল দলঙৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ এখন বিশেষ দলঙে। নগাঁও ৰহাৰ চাপৰমুখৰ এই দলংখনে দেশৰ আটাইতকৈ দীৰ্ঘতম দলং ৰূপে অভিলেখ সৃষ্টি কৰিবলৈ ওলোৱা নাই বৰঞ্চ সুদীৰ্ঘ ওঁঠৰ বছৰেও সম্পূৰ্ণ নোহোৱাৰ বাবেহে বগীবিল দলঙৰ অভিলেখ ভাঙিবলৈ ওলাইছে ৷ দলংখনৰ নিৰ্মাণৰ বাবে এবাৰ দুবাৰ নহয় আধাৰশিলাই স্থাপন কৰা হৈছিল তিনিবাৰকৈ, দলঙখনৰ নিশ্চিহ্ন হ'বলৈ ধৰা আধাৰশিলাই সেই কথা প্ৰমাণ কৰে ৷ কঁপিলী নৈৰ দুয়োপাৰ সংযোগী এই দলংখনৰ প্ৰথম আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে।

বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং

ইপিনে 2001 চনত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ শাসনতো দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকায়েও স্থাপন কৰিছিল আধাৰশিলা ৷ কিন্তু ইমানৰ পাচতো নিৰ্মাণ নোহাৱা দলংখনৰ বাবে বিগত সময়ত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে ৷ কংগ্ৰেছৰ বিকাশৰ গান আৰু বিজেপিৰ পৰিৱৰ্তনৰ ছবি দেখা চাপৰমুখবাসীয়ে এই পৰ্যন্ত আধৰুৱা দলঙখনৰ পূৰ্ণাংগ ৰূপ দেখা নোপোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে ৷

Intro:বগীবিল দলঙৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ নগাঁৱৰ এখন আৰ চি চি দলং। এই দলংখনক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন।

Body:বগীবিল দলঙৰো ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ এখন দলঙে। দলং এইখন। নগাঁৱৰ ৰহাৰ চাপৰমুখৰ এই দলংখনৰ কথাই কৈছোঁ। আপুনি হয়তো আচৰিত হৈছে। দেশৰ আটাইতকৈ দীৰ্ঘতম ৰেল কাম ৰোড দলং হৈছে বগীবিল। যিখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰীয়ে। কিন্তু বগীবিলৰ ৰেকৰ্ড ভংগ কৰিব কেনেকৈ জানেনে।
ptc

vo. হয়, আপুনি ঠিকেই শুনিছে। ওঁঠৰ বছৰেও সম্পূৰ্ণ কৰিব পৰা নাই দলংখনৰ নিৰ্মাণ। কিন্তু ওঠৰ বছৰতেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল বগীবিল দলঙৰ। দলংখনৰ নিৰ্মাণৰ বাবে এবাৰ দুবাৰ নহয় আধাৰশিলাই স্থাপন কৰা হৈছিল তিনিবাৰকৈ। চাওক এই দৃশ্য। প্ৰায় নিশ্চিহ্ন হবলৈ ধৰিছে আধাৰশিলাই। ৰহাৰ চাপৰমুখৰ কঁপিলী নৈৰ দুয়ো পাৰ সংযোগী এই দলংখনৰ প্ৰথম আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে। এই স্থানত দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন আছিল ষাঠিৰ দশকৰ পৰাই। 2001 চনত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছে ৰাজ্যৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰিয়েই আধাৰশিলা স্থাপন কৰিছিল দলংখনৰ নিৰ্মাণৰ। পৰৱৰ্তী সময়তো একেখন দলং নিৰ্মাণৰ বাবে সেই সময়ৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগে ও স্থাপন কৰিছিল আধাৰশিলা। আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ ৰহা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী পিয়ুষ হাজৰিকায়ো। কিন্তু দলংখনেৰ নিৰ্মান সম্পূৰ্ণ নহওঁতেই মাটিৰ তলত পুত গৈ আছে আধাৰশিলাৰ ফলক।
bite,
vo. প্ৰতিশ্ৰুতি পিয়ুষ হাজাৰিকায়ো দিছিল। দ্বীতীয়বাৰ ভোট বিচাৰিবলৈ এই দলংখনেৰেই পাৰ হৈ যাব। কিন্তু দলংও আধৰুৱা সমষ্টিও এৰিলে পিয়ুষ হাজিৰিকাই। এই দলংখন নিৰ্মাণৰ বাবে বাবে কিমান স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে, কিমান প্ৰতিবাদ কৰা হৈছে তাৰ কোনো হিচাপ নাই। গঠন কৰা হৈছিল দলং নিৰ্মাণ দাবী সমিতিও। মুঠৰ ওপৰত প্ৰতিবাদ কৰি কৰি এতিয়া ভাগৰুৱা স্থানীয় ৰাইজে।
bite,

Conclusion:গগৈ চৰকাৰৰ পোন্ধৰ বছৰীয়া বিকাশৰ গান শুনিলে, পৰিৱৰ্তনৰ নাম লৈ দিছপুৰ দখল কৰাও দেখিলে। কিন্তু আধৰুৱা দলঙৰ পূৰ্ণাংগ ৰূপ দেখা নাপালে চাপৰমুখবাসীয়ে। এয়াই বিকাশ অৰু পৰিবৰ্তনৰ বাস্তৱ ছবি।
_______________________________________________
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২-৫-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.