ETV Bharat / state

অগপৰ সাধাৰণ সভাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্ট জ‍্যেষ্ঠ নেতা গুণীন হাজৰিকাৰ

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো মহানগৰীৰ আমবাৰীত অনুষ্ঠিত হৈছে অগপৰ 11 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ উক্ত বৈঠক সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷ আদালতৰ নিষেধাজ্ঞা অমান্য কৰি অসম গণ পৰিষদৰ নতুন বিষয়ববীয়া নিৰ্বাচন কৰা কাৰ্যক তীব্ৰভাৱে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Aug 27, 2020, 3:50 PM IST

Updated : Oct 8, 2022, 10:17 AM IST

Gunin Hazarika reacted on genaral meeting of AGP kaliabar assam etv bharat news
গুণীন হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কলিয়াবৰ,27 আগষ্ট: বৃহস্পতিবাৰে মহানগৰীৰ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ 11 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ দলীয় সদস্যৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ অগপৰ সভাপতিৰ আসনত অধিষ্ঠিত হয় মন্ত্ৰী অতুল বৰা ৷ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো অনুষ্ঠিত হয় অগপৰ এই বৈঠকখন । বৈঠকখন অনুষ্ঠিত হোৱাৰ পূৰ্বে কামৰূপ মহানগৰ ছেচন আদালতে জাৰি কৰিছিল উক্ত নিষেধাজ্ঞা । অগপ দলৰ উক্ত সাধাৰণ সভাখনক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈছে দলৰে একাংশ জ্যেষ্ঠ নেতা-কৰ্মী ৷

উল্লেখ্য যে, উক্ত বৈঠক সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷ আদালতৰ নিষেধাজ্ঞা অমান্য কৰি অসম গণ পৰিষদৰ নতুন বিষয়-ববীয়া নিৰ্বাচন কৰা কাৰ্যক তীব্ৰভাৱে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ দলটোৱে প্ৰাক্তন নেতা-কৰ্মীক সম্পূৰ্ণ উপেক্ষা কৰি গ্ৰহণ কৰা জাতীয়তাবাদ ধ্বংসকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে হাজৰিকাই ৷

আনহাতে, ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱজ্ঞা কৰি অনুষ্ঠিত বৈঠকখনৰ বিৰুদ্ধে গুচৰীয়া পক্ষ নিশ্চয়কৈ আদালতৰ কাষ চাপিব বুলি মত প্ৰকাশ কৰে ৷ লগতে তাৎপৰ্যপূৰ্ণভাৱে অতুল বৰা নাইবা কেশৱ মহন্ত কোনো এগৰাকী নেতাই পৰৱৰ্তী নিৰ্বাচনত বিজেপি দলৰ সহায় অবিহনে জিকিব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে অগপ দলটোৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷

লগতে চাওকঃ 90 শতাংশ কংগ্ৰেছ কৰ্মীয়ে মিত্ৰতা বিচৰা নাই: সঞ্জয় চৌধুৰী

Last Updated : Oct 8, 2022, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.