ETV Bharat / state

কথাৰে নহয়, কামেৰে পৰিবৰ্তন আনিবলৈ এইবাৰ কঁকালত টঙালি বান্ধিছে কণমানিসকলে

বিদ্যালয় চৌহদত কৃষিকাৰ্যত ব্যস্ত একাংশ ছাত্ৰ-ছাত্ৰী ৷ শিক্ষকৰ নেতৃত্বত বিদ্যালয় চৌহদত ৰোপণ কৰিছে বিভিন্ন শাক-পাচলি ৷ বিৰল নিৰ্দশন দাঙি ধৰিছে ৰহাৰ এইখন বিদ্যালয়ে ৷

green revolution by Students in Raha
বিদ্যালয় চৌহদত কৃষিকাৰ্যত ব্ৰতী একাংশ শিক্ষাৰ্থী
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 12:27 PM IST

বিদ্যালয় চৌহদত কৃষিকাৰ্যত ব্ৰতী একাংশ শিক্ষাৰ্থী

ৰহা, 18 নৱেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰী নেহৰুৱে বিশ্বাস কৰিছিল, "আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷" প্ৰধানমন্ত্ৰীগৰাকীৰ উক্ত বাক্য ফাঁকি সাৰোগত কৰি বিভিন্নজনে শিশুসকলক বিশেষ প্ৰাধান্য প্ৰদান কৰা পৰিলক্ষিত হয় ৷ শিশুসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিকভাবে উন্নত কৰাৰ ক্ষেত্ৰত সমাজে বহণ কৰি আহিছে বিশেষ দায়িত্ব ৷ যিহেতু এই শিশুসকলেই এদিন দেশৰ নাগৰিক হৈ দেশখন সুচাৰুৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব ।

শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে বিদ্যালয়ৰ চৌহদত কৃষিকাৰ্যত ব্ৰতী কৰোৱা হৈছে ৰাজ্যৰ একাংশ বিদ্যালয়ৰ শিক্ষাৰ্থীক ৷ বৌদ্ধিক জ্ঞানৰ লগতে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে ৰহাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । অসমীয়া মাধ্যমৰ এই বিদ্যালয়খন হৈছে ৰহাৰ গছপৰাত অৱস্থিত জ্ঞানপীঠ জাতীয় বিদ্যালয় ।

এই বিদ্যালয়খনৰেই পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ নেতৃত্বত বিদ্যালয় চৌহদত আৰম্ভ কৰিছে কৃষিকাৰ্য । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে লাই, ধনিয়া, বেঙেনা, গাজৰ, পিয়াজ, মৰিচা শাককে আদি কৰি বিভিন্ন ধৰণৰ খেতিকৰ্ম সম্পাদন কৰিছে । কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষি ক্ষেত্ৰক উন্নীত কৰাৰ লক্ষ্যৰে শিশুসকলক এইদৰে কৃষিকৰ্মত নিয়োজিত কৰা হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জনায় ৷

বিদ্যালয়ৰ পাঠদান শেষ হোৱাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই কৃষিকৰ্মত নিয়োজিত কৰিছে শিক্ষাৰ্থীসকলক । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও অধিক আগ্ৰহ আৰু উৎকণ্ঠাৰে নিজকে নিয়োজিত কৰিছে কৃষি কৰ্মৰ সৈতে । বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে সামাজিক অৱক্ষয়ে দেখা দিয়া তথা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অনীহাই দেখা দিয়া সমাজখনত ৰহাৰ এই জ্ঞানপীঠ জাতীয় বিদ্যালয়খনে বিশেষ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Burhachapori Sanctuary: বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰথমবাৰলৈ হাতী চাফাৰী মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.