বটদ্ৰৱা, 6 এপ্ৰিলঃ ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ উন্মাদনা। নিজ নিজ দলীয় প্ৰাৰ্থীক জয়ী কৰিবলৈ উঠিপৰি লাগিছে ৰাজনৈতিক দলসমূহ ৷ নিৰ্বাচনী আয়োগৰ নীতি -নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি চৰকাৰী কাৰ্যালয়তো নিৰ্বাচনী বেনাৰ-প'ষ্টাৰ একাংশ ৰাজনৈতিক দলৰ ৷ এইয়া কলিয়াবৰ লোকসভাৰ বটদ্ৰৱাৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তর্গত ৰাইডঙীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ দৃশ্য । চৰকাৰী এই কাৰ্যালয়টোৰ চৌহদ আৰু দেৱালয়সমূহ এতিয়া ভৰি পৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বেনাৰ-প'ষ্টাৰেৰে ৷
নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি এনেদৰে চৰকাৰী কাৰ্যালয়ৰ চৌহদ প্ৰাৰ্থীৰ বেনাৰ-প'ষ্টাৰেৰে ভৰি পৰাক লৈ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইপিনে এনে দৃশ্য দেখিও স্থানীয় প্ৰশাসন নিৰ্বিকাৰ হৈ থকাক লৈ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ সচেতন ৰাইজ ।