কলিয়াবৰ, 14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যৰ চৌদিশে ব্যাপক উচাহ-উদ্দীপনা ৷ পৰম্পৰাগত ৰীতি নীতিৰে গো ধনৰ শ্ৰী বৃদ্ধিৰ উদ্দেশ্যে গৰুক গা ধুৱাবলৈ হাতে হাতে মাহ-হালধি,চাত-বাৰী নৈৰ পাৰলৈ গঞা ৷
পিচে পুৱাৰে পৰা অহা কিনিকিনিয়া বৰষুণজাকে কলিয়াবৰবাসীৰ মন সেমেকাই তুলিছে ৷ যদিও তাৰ মাজতেই কলিয়াবৰবাসীয়ে বিহুৰ সকলো নীতি নিয়ম ৰক্ষা কৰি গো ধনক গা ধুৱাবলৈ চলাইছে প্ৰস্তুতি ৷