ETV Bharat / state

Neel Abhi murder update: চাৰিটা বছৰে ন্যায়ৰ আশাত বন্দী নীল-অভিৰ পৰিয়াল - নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালত

চাৰি বছৰ সম্পূৰ্ণ হ'ল ভয়ংকৰ ডকমকা কাণ্ডৰ (Four years completed of Neel Abhi murder case) ৷ ন্যায়ৰ অপেক্ষাত নীল-অভিৰ পৰিয়াল ৷ কেতিয়া হ'ব নীল-অভি হত্যাকাণ্ডৰ (Neel Abhi murder case)চূড়ান্ত ৰায়দান ? এই সন্দৰ্ভত ইটিভি ভাৰত, অসমৰ এক বিশেষ প্ৰতিবেদন ।

Neel Abhi murder update
চাৰি বছৰ সম্পূৰ্ণ হ'ল ভয়ংকৰ ডকমকা কাণ্ডৰ
author img

By

Published : Jun 8, 2022, 8:55 PM IST

নগাঁও, 8 জুন : আজি 8 জুন ৷ 2018 চনৰ এই 8 জুন আছিল গুৱাহাটীৰ দুটাকৈ সম্ভ্ৰান্ত পৰিয়ালৰ বাবে এটা অভিশপ্ত দিন । নিজৰ বিলাসী বাহনেৰে কাৰ্বি ভূমিৰ প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মানৱৰূপী একাংশ দানৱৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে (Neel Abhi murder case)।

সমগ্ৰ ৰাজ্য কঁপাই যোৱা সেই নৃশংস হত্যাকাণ্ডৰ আজি চাৰিটা বছৰ সম্পূৰ্ণ হ'ল (Four years completed of Neel Abhi murder case)। কিন্তু আজিও সম্পূৰ্ণ নহ'ল ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডটোৰ বিচাৰ প্ৰক্ৰিয়া (Dokmoka mob lynching) । ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰাই নীল-অভিৰ পৰিয়ালৰ লগতে ন্যায়ৰ অপেক্ষাত আছে সমগ্ৰ ৰাজ্যবাসী ।

চাৰিটা বছৰে ন্যায়ৰ আশাত বন্দী নীল-অভিৰ পৰিয়াল

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ীয়েই নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া (Mob lynching of Abhi Neel) । নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ক্ষীপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া চলি আছে (Neel Abhi Murder case Judgement process) যদিও 'কা’ আন্দোলন, ক'ভিড মহামাৰী আদিৰ বাবে আজিও সম্পূৰ্ণ নহ'ল এই বিচাৰপ্ৰক্ৰিয়া ।

Neel Abhi murder update
চাৰি বছৰ সম্পূৰ্ণ হ'ল ভয়ংকৰ ডকমকা কাণ্ডৰ

লগতে পঢ়ক : Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?

চাৰি বছৰে পুত্ৰ হত্যাৰ ন্যায় নাপালেও আদালতৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি ন্যায় পোৱাৰ আশাত বন্দী দুই দুৰ্ভগীয়া পৰিয়াল । আনকি ডকমকাত সংঘটিত হোৱা এই নৃসংশ হত্যাকাণ্ডৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে ঘটনাত জড়িত মূল অভিযুক্তৰ ফাঁচীৰ দাবী তুলিছে পৰিয়ালৰ লোকে (Neel Abhi murder case update)।

Neel Abhi murder update
ন্যায়ৰ অপেক্ষাত নীল-অভিৰ পৰিয়াল

নীল হত্যাকাণ্ডৰ মুঠ 71 গৰাকী সাক্ষীৰ 68 গৰাকীৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যেই সম্পন্ন কৰিছে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ বিচাৰপীঠে । আন তিনিগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্য গ্ৰহণৰ পিছতেই চূড়ান্ত হ'ব বিচাৰ প্ৰক্ৰিয়া । চাৰি বছৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন নহ’লেও আগন্তক দুই এমাহৰ ভিতৰতে চূড়ান্ত ৰায়দান হ'ব বুলিও আশাবাদী দুই ভুক্তভোগী পৰিয়াল ।

এতিয়া মাথো অপেক্ষাত সকলো ৷ কি হ'ব নীল-অভি হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ? পাবনে ন্যায় নীল-অভিৰ পৰিয়ালটোৱে ?

লগতে পঢ়ক : অভি-নীল হত্যাৰ চাৰি বছৰ: ন্যায় কেতিয়া ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.