কলিয়াবৰ, 14 ডিচেম্বৰ : সোমবাৰৰ নিশা কলিয়াবৰত অঘটন সংঘটিত ৷ জিলাখনৰ উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলীবিদ্ধ হৈছে (এটি 4 বছৰীয়া শিশু (Child injured in firing in Uluani kaliabor) ৷ আহত মনোজ বৰদলৈ নামৰ শিশুটি উলুৱনী আৰক্ষী নিৱেশৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ পুত্ৰ ৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Tezpur Medical College Hospital) ত চিকিৎসাধীন হৈ আছে আহত শিশুটি ৷
উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত সদৰী কৰা অনুসৰি, তিলক বৰদলৈয়ে সোমবাৰে নিশা কৰ্মস্থলীলৈ আহিবলৈ প্ৰস্তুতি চলাই আছিল ৷ তেনে সময়তে তিলক বৰদলৈৰ অজ্ঞাতে তেওঁৰ চৰকাৰী পিষ্টলটো পুত্ৰ মনোজে লয় ৷ খেলৰ সামগ্ৰী বুলি ভাবি পিষ্টলটো শিশুটিয়ে খেলিবলৈ লয় ৷ খেলি থাকোতেই হঠাৎ মনোজৰ আঙুলি লাগে ট্ৰিগাৰত (child injured in accidental firing) ৷
যাৰ ফলত গুলীয়ে আঘাত কৰে শিশুটিৰ ভৰিত ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ ৷ একাংশৰ অভিযোগ অনুসৰি, পিতৃৰ ভুলৰ বাবেই শিশুটি এনেদৰে গুলী ফুটি আহত হ’বলগীয়া হৈছে ৷
লগতে পঢ়ক : Militant attack in Srinagar : অচিনাক্ত বন্দুকধাৰীৰ গুলীবৰ্ষণত আহত 14 গৰাকী আৰক্ষী