কলিয়াবৰ,31 মে’: ৰাজ্যত অব্যাহত আছে অবৈধ সুৰা, ড্ৰাগছ আৰু জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ৷ এইবাৰ কলিয়াবৰৰ উলুৱনীত আৰক্ষীৰ জালত পৰিছে পাঁচজন জুৱাৰী ৷ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 4 খন মটৰ চাইকেল ৷ দেওবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত উলুৱনী আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযান কালতেই আটক হোৱা জুৱাৰী কেইটা ক্ৰমে 1 নং বৰঘূলীৰ ইমদাদুল ইছলাম, নজৰুল ইছলাম বগামূৰৰ নজমুল হক, ভকুৱামাৰীৰ আতিকূৰ ৰহমান আৰু 4 নং বৰঘূলীৰ আইনুল হক ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আটকাধীন জুৱাৰী কেইটাৰ পৰা পাঁচ হাজাৰ টকা আৰু এটা ম'বাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷ নগাঁৱৰ আৰক্ষী আধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশৰ পাচতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে উলুৱনী আৰক্ষীয়েও ৷ উলুৱনী আৰক্ষীয়ে ধাৰাবাহিকভাৱে কেইবাটাও চুলাই মদৰ ভাটি ধ্বংস কৰাৰ লগতে ড্ৰাগছ আৰু জুৱাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান