ETV Bharat / state

Burhachapori Firing Incident: বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ

author img

By

Published : Jul 17, 2023, 7:12 PM IST

বুঢ়াচাপৰিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত সৰব হ’ল ৰুপহীহাটৰ বিধায়ক নুৰুল হুদা ৷ গুলীচালনা কৰা বন কৰ্মীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন বিধায়ক হুদাৰ ৷ বিধায়ক হুদাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন ‘‘ কেতিয়ালৈ উচ্ছেদিত লোকক মাটি আৰু ১ লাখ টকা দিব ?’’

MLA Nurul Huda
বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ

চামগুৰি,17 জুলাই: সোমবাৰে বুঢ়াচাপৰিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত সৰব হ’ল ৰুপহীহাটৰ বিধায়ক নুৰুল হুদা ৷ দিনৰ ভাগত বুঢ়াচাপৰিৰ লাঠিমাৰি উচ্ছেদস্থলীত পুনৰ বেদখলকাৰীয়ে বসতি কৰিবলৈ লোৱাত বনকৰ্মীয়ে আঁতৰি যাবলৈ কোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বেদখলকাৰীয়ে বনকৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত বনকৰ্মীয়ে গুলীচালনা কৰিব লগীয়া হয় ৷ যাৰ ফলত বনকৰ্মী সহ 5 জন আহত আৰু এগৰাকী মহিলা নিহত হয় ৷ নিহত মহিলা গৰাকী চিতলমাৰীৰ ফাতেমা খাতুন বুলি জানিব পৰা গৈছে ৷ আনহাতে আহতসকল আহমদ আলী, ৰমজান আলী, শমশ্বেৰ আলী আৰু ৰহিমা খাতুন ।

এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা প্ৰকাশ কৰিছে বিধায়ক নুৰুল হুদাই ৷ আহত লোকৰ স্বাস্থ্যৰ বুজ লবলৈ বিধায়ক নুৰুল হুদা উপস্থিত হয় চিকিৎসালয়ত ৷ ‘‘ভূমিহীন নিৰীহ লোকৰ ওপৰত গুলীচালনাৰ ঘটনা দুৰ্ভাগ্যজনক । এনে বন বিভাগ আমাক নালাগে ৷ উচ্ছেদিত লোকসকলে বান পৰিস্থিতিৰ বাবে উক্ত স্থানত বসতি কৰিবলৈ আৰম্ভ কৰিছিল ৷ দেওবাৰে বন বিভাগৰ লোক উপস্থিত হোৱাত উচ্ছেদিত লোকসকলে বান পৰিস্থিতি উন্নত হোৱালৈকে বসবাসৰ অনুমতি লৈছিল বন বিষয়াৰ পৰা ৷ কিন্তু আজি শোণিতপুৰৰ বন বিভাগৰ লোক আহি যধে-মধে গুলীচালনা কৰে ৷ এনেদৰে অত্যাচাৰ কৰিব নাপায় এই সকল নিৰীহ মানুহক ৷’’

এই সমগ্ৰ ঘটনা CBIৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন ‘‘কেতিয়ালৈ উচ্ছেদিত লোকক মাটি আৰু ১ লাখ টকা দিব? জিলা আয়ুক্তৰ অমনোযোগিতাৰ বাবে এনে ঘটনা ঘটিল ।’’ গুলীচালনা কৰা বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিলে বিধায়ক নুৰুল হুদাই।

লগতে পঢ়ক:Eviction in Bura Chapori: বুঢ়া চাপৰিত গুলীচালনাৰ ঘটনা, এজন নিহত, আহত তিনি বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.