ETV Bharat / state

কলিয়াবৰত কপিকূলক খাদ্য বিতৰণ দুই যুৱকৰ - ভয়ঙ্কৰ খাদ‍্যৰ সঙ্কটত ভূগিছে

কলিয়াবৰৰ বিভিন্ন মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই চিৰিকতি খাদ্য সংকট ভুগিছে । বুট,কল আৰু বিস্কুট যোগান ব‍্যৱসায়ী যুৱক সৌমেন্দ্ৰ গোঁহাই আৰু বিশ্বজ‍্যোতি বৰাৰ ৷

food-for-monkeys-at-kaliabor-durga-temple
কলিয়াবৰত কপিকূলক খাদ্য বিতৰন দুই যুৱকৰ
author img

By

Published : Apr 17, 2020, 11:25 AM IST

কলিয়াবৰ 17 এপ্ৰিল : কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক ডাউন হৈ থকাৰ ফলত জনসাধাৰণৰ লগতে খাদ‍্য সংকটত ভুগিছে জীৱকূল। কলিয়াবৰৰ বিভিন্ন মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই চিৰিকতি আদ‍ি সংকটত ভুগিছে। কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দুৰ্গা মন্দিৰৰ কপিকূলো বৰ্তমান অৱস্থাত ভয়াৱহ খাদ‍্য সংকটত ভুগিছে।

কলিয়াবৰত কপিকূলক খাদ্য বিতৰন দুই যুৱকৰ

লক ডাউনৰ ফলত দুৰ্গা মন্দিৰলৈ ভক্তৰ সমাগম বন্ধ হৈ থকাত কপিকূল আৰু পাৰ ভয়ংকৰ খাদ‍্যৰ সংকটত ভুগিছে। এই সংকটৰ সময়ত বিভিন্ন লোকে সহায়ৰ হাত আগবঢ়াইছে। বৃহস্পতি বাৰে কলিয়াবৰৰ স্থানীয় দুগৰাকী ব‍্যৱসায়ী যুৱক সৌমেন্দ্ৰ গোঁহাই আৰু বিশ্বজ‍্যোতি বৰাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ হাতীমূৰা বন শিবিৰৰ কৰ্মী বীৰেন পেগুৰ সহযোগিতাত বান্দৰলৈ বুট,কল আৰু বিস্কুট যোগান ধৰি কপিকূলৰ কম পৰিমাণে হ'লেও ভোক নিৰ্বাৰণত সহায় কৰে। ব‍্যৱসায়ী যুৱকদ্বয়ে হাতিমূৰা মন্দিৰৰ পূজাৰীলৈও খাদ‍্য-সামগ্ৰী যোগান ধৰে‌।

লগতে পঢক :চুটি ছবিৰে কৰ'ণাৰ সজাগতাৰ প্ৰয়াস টীয়কৰ তুষাৰ পালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.