ETV Bharat / state

কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলীত বানৰ সংহাৰ

author img

By

Published : Jul 15, 2020, 5:07 PM IST

এফালে ক'ৰণা ভাইৰাছৰ আতংক,আনফালে ৰাজ্যৰ চৌদিশে সংহাৰী বানৰ তাণ্ডৱ । ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো প্ৰলয়ংকাৰী বানৰ ভয়াৱহ তাণ্ডৱ । বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে কলিয়াবৰৰ বান পৰিস্থিতি। কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলী অঞ্চলটোতো বানৰ সংহাৰৰ ফলত খাদ‍্য বস্তুৰ লগতে আশ্ৰয়ৰ সন্ধানত হাহাকাৰ কৰিব লগা হৈছে বান পীড়িত সকলে ।

Flood Situation at Borghuli Unchanged
কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলীত বানৰ সংহাৰ

কলিয়াবৰ, ১৫জুলাই: ৰাজ‍্যৰ তৃতীয়টো বানৰ কৱলত এতিয়া কলিয়াবৰৰ বিস্তীৰ্ণ এলেকা । বৃহৎ এলেকাটোৰ অন্তৰ্গত লুইতপৰীয়া বৰঘূলীৰ সমগ্ৰ অঞ্চলটো এতিয়া বানৰ কৱলত। বৰঘূলীস্থিত কৃষি বান্ধটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ ফলতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলীৰ বিস্তৃত অঞ্চল ।

কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলীত বানৰ সংহাৰ

শিলঘাট-ধিঙৰ ৰিং বান্ধলৈকে বাঢ়নী পানীয়ে জলমগ্ন কৰাৰ ফলত বান পীড়িতই এতিয়া আশ্ৰয় ল'ব লগা হৈছে লৈছে ৰিং বান্ধটোৰ ওপৰতে । স্থানীয় প্ৰশাসনে বানপীড়িতৰ বাবে আশ্ৰয় শিবিৰৰ ব‍্যৱস্থা কৰিছে যদিও সেয়া পৰ্য‍াপ্ত নোহোৱাত বিপদত পৰিছে ৰাইজ । পোহনীয়া জীৱ-জন্তুৰ সৈতে মথাউৰিতে বাস কৰিব লগা হৈছে বান ক্ষতিগ্ৰস্ত লোকসকলে। সাধৰণ জনতাৰ লগতে পোহনীয়া জীৱ-জন্তুৱেও ভুগিব লগা হৈছে খাদ্য সংকটত ।

Flood Situation at Borghuli Unchanged
কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলীত বানৰ সংহাৰ

ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হৈছে যদিও এতিয়াও বহু ঘৰ-দুৱাৰ আবদ্ধ হৈ আছে বানৰ কৱলত ।

লগতে চাওকঃ ডেৰাডুনত অট্টালিকা খহি তিনিজনৰ মৃত্যু, আহত ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.