ETV Bharat / state

ক্ৰমাৎ বানমুক্ত হৈছে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল - বন্যজন্তুৰ খাদ্যৰ সংকট

বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৪ টা বন শিবিৰৰ ১১ টা বন শিৱিৰ জলমগ্ন হৈছিল ভদীয়া বানত । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত হ্ৰাস পোৱাত ক্ৰমাৎ বানমুক্ত হৈছে ১০ টা বন শিবিৰ । বানৰ সময়ছোৱাত বুঢ়াপাহাৰ বনাঞ্চলত ৩ টা হৰিণা বৰ্তমানলৈকে মৃত্যু হৈছে ।

Kaziranga National Park
কাজিৰঙা
author img

By

Published : Sep 7, 2021, 4:43 PM IST

কলিয়াবৰ, 7 ছেপ্টেম্বৰ : ভদীয়া বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল এতিয়া প্ৰায় বানমুক্ত ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৪ টা বন শিৱিৰৰ ১১ টা বন শিবিৰ জলমগ্ন হৈছিল ভদীয়া বানত । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত হ্ৰাস পোৱাত ক্ৰমাৎ বানমুক্ত হৈছে ১০ টা বন শিৱিৰ । বানৰ সময়ছোৱাত বুঢ়াপাহাৰ বনাঞ্চলত ৩ টা হৰিণা বৰ্তমানলৈকে মৃত্যু হৈছে । ইয়াৰে ২ টা কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলোতে গাড়ীৰ খুন্দাত মৃত্যু হৈছে । আনহাতে বানৰ সময়ত কুকুৰ কামোৰত ১ টা হৰিণাৰ মৃত্যু হৈছে ।

বন্যজন্তু সমূহক চোৰাং চিকাৰীৰ কৱলৰ পৰা নিৰাপদে ৰাখিবলৈ ২৪ ঘন্টাই অধিক সষ্টম হৈ আছে বনৰক্ষীসকল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ প্ৰয়োজন মতেই বান হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰ বানমুক্ত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া একাংশ বন শিবিৰহে বৰ্তমান বান কৱলত আছে । পূৰ্বৰ দৰে এইবাৰ বন্যজন্তুৰ খাদ্যৰ সংকট নহয় কাজিৰঙাত ।

ক্ৰমাৎ বানমুক্ত হৈছে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল

কিয়নো বৰষুণ দি থকাৰ ফলত সোনকালে পলস পৰি থকা তৃণভূমি বৰষুণে পৰিস্কাৰ কৰি পেলোৱাৰ পাছত ৰাষ্ট্ৰীয় উদ্যান খনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘুৰি অহাৰ লগতে পুনৰ ন-ৰূপত প্ৰাণ পায় উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল ।

উল্লেখ্য যে, পূৰ্বতে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সিংহভাগ পানীত ডুব গৈ থকাৰ লগতে যথেষ্ট জীৱ-জন্তু মৃত্যু মুখত পৰে ৷ কিন্তু এইবাৰ সময়তকৈ পাচত বান আহিলেও কিন্তু বৰ বিশেষ ক্ষতি হোৱা নাই কাজিৰঙাৰ লগতে জীৱকূলৰ ৷

লগতে পঢ়ক : আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.