ETV Bharat / state

বানৰ কবলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য - flood in loukhua sanctuary

বছৰৰ দ্বিতীয়টো বানত প্লাৱিত এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ববিখ্যাত লাওখোৱা অভয়াৰণ্য। অভয়াৰণ্যৰ ৭০ শতাংশ অঞ্চল প্লাৱিত বানত ।

বানৰ কৱলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৭০ শতাংশ অঞ্চল

author img

By

Published : Jun 30, 2020, 8:36 PM IST

নগাওঁ, 30 জুনঃ বাৰিষাৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ববিখ্যাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য। বিগত কেইবাদিনো ধৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী অভয়াৰণ্য খনৰ ন-ন এলেকালৈ সোমাই আহি বুৰাই পেলাইছে সমগ্ৰ বনভূমি ।

প্ৰায় ৭০% বিস্তীৰ্ণ বন ভূমিৰ লগতে বাঢ়নী পানীয়ে প্লাৱিত কৰি পেলাইছে প্ৰায় অধিকাংশ বন শিবিৰো ।

ক্ৰমশঃ বৃদ্ধি পাই অহা বলিয়া বানে অভয়াৰণ্য খনত থকা বাঘ, হাতী, ম'হ, পহু, নল গাহৰি ইত্যাদি বন্য প্ৰাণী সমূহলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে । ইপিনে বন্য প্ৰাণী সমূহে অভয়াৰণ্য খনৰ ভিতৰত থকা হাইলেণ্ড সমূহলৈ আশ্ৰয় ল'বৰ বাবে ঢাপলি মেলিছে ।

বানৰ কৱলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৭০ শতাংশ অঞ্চল

সমান্তৰালকৈ অভয়াৰণ্য খনৰ অধিকাংশ বন শিবিৰ বানে প্লাৱিত কৰিছে যদিও সকলো বনৰক্ষী তথা বন বিষয়াই প্ৰতিকূল পৰিবেশকো নেওচি দিনে-নিশায়ে নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সমাপন কৰিছে যাতে অভয়াৰণ্য খনৰ বন্য প্ৰাণী সমূহ জনাঞ্চললৈ ওলাই যাব নোৱাৰে অথবা সুযোগ সন্ধানী চোৰাং চিকাৰীয়ে যাতে বানপানীৰ এই সংকটৰ সুযোগত অভয়াৰণ্য খনৰ বন্য প্ৰাণী সমূহক ক্ষতি কৰিব নোৱাৰে।

ইফালে বানপানীৰ বাবে অভয়াৰণ্য খনৰ পৰা বাহিৰলৈ ওলাই গৈ জনাঞ্চলত প্ৰবেশ কৰা বন্য প্ৰাণী সমূহক উদ্ধাৰ কৰি পুনৰ অভয়াৰণ্যৰ ভিতৰত থকা হাইলেণ্ডত মুকলি কৰি দিয়াও এক নিত্য নৈমিত্তক দ্বায়িত্বত পৰিণত হৈছে কৰ্তব্য পৰায়ণ বনৰক্ষী সকলৰ বাবে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.