বঢ়মপুৰ, 27 জুলাই : শাওণ মাহ। এইয়া সময় পথাৰত হালোৱা ৰুৱনীয়ে সেউজীয়া সপোন ৰচাৰ। কিন্তু এই সময়তো কামপুৰৰ কৃষকৰ মনত নাই উচাহ। প্ৰলয়ংকৰী বানৰ পিছত তীব্ৰ সংকটত পৰি দিক্ বিদিক হেৰুৱাইছে কামপুৰৰ কৃষক ৰাইজে ৷ কিয়নো প্ৰলয়ংকৰী বানে ধুই লৈ গ'ল কৃষকৰ সপোনবোৰ ৷ প্ৰায় 600 বিঘা মাটিত বাওঁধান,শালি ধানৰ কঠিয়া,শালি ধানৰ ৰোৱা সকলো বোৰ বানত জাহ গল। নিজৰ কৃষিভূমি ডৰা দেখি এতিয়া বছৰটোৰ ভাতমুঠিৰ বাবে মূৰে কপালে হাত দিছে কৃষকে ৷
কৃষিপ্ৰধান অঞ্চলটোত চৰকাৰীভাৱে কৃষক সকলে বৰ্তমানেও লাভ কৰা নাই কোনোধৰণৰ সাহায্য ৷ সেয়েহে কামপুৰৰ ডবকাৰ পৰা পলশালৈকে থকা নিশাৰী নদীৰ নদীবান্ধটো নিৰ্মাণৰ লগতে কৃষক ৰাইজৰ মাজত নতুন কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক ৰাইজৰ ৷