নগাঁও, 13 জানুৱাৰী : ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া ভোগালীৰ আনন্দ ৷ 13 জানুৱাৰীৰ পুৱা ভাগত কোনোৱে যদি মাছ ধৰিবলৈ বিল-নদী আদিলৈ ঢাপলি মেলা দেখা গ'ল আনফালে আকৌ কোনোৱে ভোগালী উপলক্ষে ভিন্ন প্ৰজাতিৰ মাছৰ সোৱাদ লোৱাৰ উদ্দেশ্যে বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷
ইয়াৰ সমান্তৰালভাৱে পুৱা ভাগতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভোগালীৰ ভোগৰ বাবে মাছ ধৰিবলৈ ভিৰ কৰিলেহি নগাঁও জিলাৰ কলিয়াবৰ সমীপৰ স্থানীয় শতাধিক লোকে ৷ পোনচাতে ক'বলৈ গ'লে কলিয়াবৰৰ শতাধিক ৰাইজক হাতত জাকৈ,জুলুকি, পলহ লৈ ভোগালীৰ মাছ ধৰা আনন্দত মতলীয়া হোৱা দেখা যায় ৷
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা ক্ষেত্ৰত প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল যদিও আজিৰ দিনটোত প্ৰশাসনে 1 ঘন্টাৰ বাবে মাছ মাৰিবলৈ অনুমতি প্ৰদান কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:পাঠশালাৰ বজাৰত ওলাইছে 40 কেজি ওজনৰ মাছ