ৰূপহীহাট, 26 জুলাই : ৰূপহীহাটৰ জুৰীয়া সুতিৰ পাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সুতিৰ পাৰৰ ৰৌমাৰী বিলত কৰ্তব্যৰত বনকৰ্মীক (on duty forestman) আক্ৰমণ কৰিছে কেইজনমান চোৰাংভাৱে মাছ মাৰিবলৈ অহা লোকে ৷ জানিব পৰা মতে, ৰূপহীহাটৰ জুৰীয়া সুতিৰপাৰৰ ৰৌমাৰী বিলৰ পাৰত টহলদাৰী বনকৰ্মীৰ দল এটাৰ ওপৰত দেওবাৰে সন্ধিয়া হঠাৎ ভয়াৱহ আক্ৰমণ চলায় এটি মাছমৰীয়াৰ(fisherman) দলটোৱে ৷
ইফালে, বনকৰ্মীক আক্ৰমণ কৰা মাছমৰীয়াৰ দলটো চোকা অস্ত্ৰ(equipped with sharp object)ৰে সু-সজ্জিত হৈ থকা বুলি জানিব পৰা গৈছে ৷ অতৰ্কিতে হোৱা এই আক্ৰমণৰ ফলত আহত হয় 4 জনকৈ বনকৰ্মী ৷ এই আক্ৰমণত পৱন কুমাৰ শৰ্মা নামৰ বনকৰ্মীজন গুৰুতৰভাৱে আহত হৈছে ৷ এই আক্ৰমণত আহত বনকৰ্মী কেইজনক সম্প্ৰতি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (Dagaon PHC) চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
ইফালে, বনকৰ্মীৰ দলটোৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত বনকৰ্মী সকলৰ তৰফৰ পৰা জুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ সম্প্ৰতি বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ বনকৰ্মী সকলৰ উপস্থিতিৰ বাবে অবৈধভাৱে বিলখনত মাছ মৰাত অসুবিধাত পৰি এই দৰে অচিনাক্ত মাছমৰীয়াৰ দলটোৱে আক্ৰমণ কৰা বুলিও একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : কিশোৰীৰ ৰহস্যজনক মৃত্যু : মৃতকৰ বাসগৃহত বিধায়ক ফনীধৰ তালুকদাৰ