নগাঁও, 16 আগষ্ট: দেওবাৰে নগাঁৱৰ কাষৰিগাঁৱত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ হঠাতে জ্বলি উঠে পথ নিৰ্মাণত ব্যৱহৃত হাজাৰ লিটাৰ বিটুমিনভৰ্তি টেংকী থকা এটা যন্ত্ৰ ৷ কামত হোৱা কোনো বিজুতিৰ বাবেই সেই যন্ত্ৰটো জ্বলি উঠে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷ যাক লৈ সম্প্ৰতি শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ কিয়নো ঘটনাস্থলীৰ নিচেই কাষতে অৱস্থিত এটা জনবসতিপূৰ্ণ এলেকা ৷ ইয়াৰোপৰি সেই স্থানত এটা প্ৰায় 16 হাজাৰ লিটাৰ ডিজেল ভৰ্তি টেংকী থকাৰ কথাও প্ৰকাশ কৰে স্থানীয় লোকে ৷ যদিহে সেই ডিজেলৰ টেংকীটোত অগ্নি সংযোগ হয় তেন্তে নিকটৱৰ্তী সমগ্ৰ অঞ্চলটো জুইয়ে ছানি ধৰিব বুলি শংকা প্ৰকাশ কৰে তেওঁলোকে ৷ পলমকৈ হ'লেও ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমোৱালৈ সক্ষম হয় যদিও, এই পৰ্যন্ত পথ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৰ লোক ঘটনাস্থলীত অহা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
আনহাতে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে কোম্পানীটোৰ কৰ্তৃপক্ষই ৷ কোম্পানীটোৰ বিষয়ববীয়াই এই ঘটনাক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও উল্লেখ কৰে ৷
লগতে পঢ়ক: নাৰ্চৰ অৱহেলাৰ বাবেই মৃত্যু যুৱকৰ