কলিয়াবৰ,২৭ অক্টোবৰ: কলিয়াবৰৰ গৌৰৱময় ঐতিহ্যক বৰ্তমানৰ লগত সংপৃক্ত কৰি ভৱিষ্যৎ গঢ়িবলৈ এক সদিচ্ছা আৰু কৰ্মসূচী লৈ গঢ়ি উঠা কলিয়াবৰৰ এক বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান 'প্ৰজন্ম, দ্যা জেনেৰেশ্যন' । ২০১৭ চনতে প্ৰতিষ্ঠা লাভ কৰা অনুষ্ঠানটোৱে কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰজন্মইজন্ম লগ্নৰে পৰা ব্ৰতী হৈ আছে । শুকুৰবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰজন্মৰ তৰফৰ পৰা শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত কলিয়াবৰক গৌৰৱান্বিত কৰা তিনিগৰাকী শিক্ষাৰ্থীক বিশেষ জলপানি প্ৰদান কৰা হয় ।
শিক্ষাৰ ক্ষেত্ৰত ২০২০ চনত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত তৃতীয় স্থান প্ৰাপক তথা নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ পৰা ভূগোল বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়াংসী গোস্বামী, সংস্কৃতিৰ ক্ষেত্ৰত সত্ৰীয়া আৰু আধুনিক সংগীতত বিশেষ পাৰদৰ্শিতা দেখুওৱা কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ অনিমেষ শইকীয়া আৰু ক্ৰীড়াৰ ক্ষেত্ৰত অসম ক্ৰিকেট দলৰ এক্সপ'জাৰ দলত স্থান লাভ কৰা প্ৰতিভাৱান স্পিনাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিমাংশু শইকীয়াক বিশেষ জলপানি প্ৰদান কৰা হয় ।
উক্ত সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত লক্ষ্যজ্যোতি দাসে । দাসে ভাষণ প্ৰসংগত নৱপ্ৰজন্মক সফলতাৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ সঠিক চিন্তাৰে আগবাঢ়িব লাগিব । নৱপ্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি ৰোধ কৰিবলৈ অভিভাৱকৰ লগতে সমাজৰ বিশেষ দায়িত্ব আছে । বিশেষকৈ নিচাযুক্ত সামগ্ৰীৰ প্ৰতি যুৱচামৰ আকৰ্ষণে এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে । এইক্ষেত্ৰত অভিভাৱকৰ বিশেষ দৃষ্টিৰ অতিকৈ প্ৰয়োজন বুলি মত আগবঢ়ায় ।
প্ৰজন্মৰ সভাপতি মণিমাধৱ মহন্তই সভাৰ সভাপতিৰ ভাষণত কলিয়াবৰৰ আৰ্থ-সামাজিক দিশত যুৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰজন্মই আগবঢ়োৱা জলপানিয়ে অনুজসকলক অনুপ্ৰেৰণা যোগাব । বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে শিক্ষা, ক্ৰীড়া, সংস্কৃতিক আদি ক্ষেত্ৰতো কলিয়াবৰল প্ৰতিভাধৰসকলক ভৱিষ্যতে বাট দেখুৱাই নিয়াৰ ই এক সৰল প্ৰয়াস ।
আনহাতে, কলিয়াবৰত এখনি উচ্চ মানদণ্ডৰ গ্ৰন্থমেলা আয়োজনৰ প্ৰজন্মৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আজিৰ সভাত অৱগত কৰাৰ লগতে কলিয়াবৰৰ সকলো স্তৰৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ আৰু ব্যক্তি বিশেষৰ সহযোগিতাৰে এই পৰিকল্পনা সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে । সভাত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰে জলপানি প্ৰাপকসকলক অভিনন্দন জনাই ভাষণ প্ৰদান কৰে ।
লগতে পঢ়ক: Protest in Maran: মৰাণত ধূলিয়ে মাতিছে বিপদ, পথ অৱৰোধ কৰি প্ৰতিবাদ