ETV Bharat / state

নগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা প্ৰফুল্ল কুমাৰ মহন্তৰ - নগাঁও জিলা আৰক্ষী অধীক্ষক

নগাঁৱত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। "জীৱনত সংঘাতে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে": আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷

নগাঁৱত প্ৰফুল্ল কুমাৰ মহন্তৰ একক প্ৰচেষ্টাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jul 2, 2019, 10:30 PM IST

নগাঁও,2জুলাইঃ নগাঁৱৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। মঙলবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত জয়শ্ৰী গোস্বামী মহন্তৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰেই প্ৰফুল্ল কুমাৰ মহন্তৰ একক প্ৰচেষ্টাত এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

নগাঁৱত প্ৰফুল্ল কুমাৰ মহন্তৰ একক প্ৰচেষ্টাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

এই অনুষ্ঠানতে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি বহু সংঘাতৰ মাজতো ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান লাভ কৰা লোকৰ প্ৰসংগ উল্লেখ কৰি সংঘাতে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি মন্তব্য কৰে। মঙলবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত অগপৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, গুনীন হাজৰিকা, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, জিলা উপায়ুক্ত যাদৱ শইকীয়া, নগাঁৱৰ বিভিন্ন মহাবিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষসকলো উপস্থিত থাকে ৷

Intro:নগাঁৱত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। জীৱনত সংঘাতে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে : আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।

Body:নগাঁৱৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্ভৰ্ধনা জ্ঞাপন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। মঙলবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত মহন্ত পত্নী পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰ ছাত্ৰীক উৎসাহ দিয়াৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই প্ৰফুল্ল কুমাৰ মহন্তৰ একক প্ৰচেষ্টাত এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে। মঙলবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত অগপৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন , গুনীন হাজৰিকা, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, জিলা উপায়ুক্ত যাদৱ শইকীয়া, নগাঁৱৰ মহাবিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষসকলো উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়েই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি। বিশেষকৈ সফলতাৰে উত্তীৰ্ণ হব নোৱাৰা ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি বহু সংঘাতৰ মাজতো ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান লাভ কৰা লোকৰ প্ৰসংগ উল্লেখ কৰি সংঘাতে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি মন্তব্য কৰে। আনকি বিফলতাই সফলতাতকৈ অধিক শিক্ষা দিয়ে বুলিও ভাষণত মন্তব্য কৰে আৰক্ষী অধীক্ষকে। লগতে বিফলতাক প্ৰত্যাহ্বান জনাই আগুৱাবলৈ আহ্বান জনায় ।
bite. sp ভাষণ
bite. pk mahanta, jaysri guswami
--------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.