ETV Bharat / state

ৰবি শস্য উৎপাদন কৰি বৃহৎ লোকচানৰ সন্মুখীন কৃষক

ৰবি শস্য উৎপাদন কৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক সকল । বিক্ৰীৰ অভাৱত পথাৰতে নষ্ট হৈছে বিভিন্ন পাচলি ।

author img

By

Published : Apr 18, 2020, 8:41 PM IST

farmers-face-big-losses-in-nagan
ৰবি শস্য উৎপাদন কৰি বৃহৎ লোকচানৰ সন্মুখীন কৃষক

নগাঁও, 18 এপ্ৰিল : কৰ'ণা প্ৰতিৰোধৰ বাবে জাৰি কৰা লক ডাউনে একপ্ৰকাৰ জুৰুলা কৰিছে ৰাজ্যৰ খাটি খোৱা কৃষকসকলক । কৃষকৰ বুজ ল'বলৈ বিভিন্ন প্ৰান্তৰৰ কৃষি পথাৰ পৰিদৰ্শন কৰি কৃষকৰ প্ৰতি দৰদ দেখুৱাইছে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। কিন্তু কঁপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা শস্য বিক্ৰীৰ বাবে আজি পৰ্যন্ত নহ'ল কোনো ব্যৱস্থা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁৱৰ বান বিধ্বস্ত লাওখোৱাৰ-ভুৰবন্ধা আৰু হোজাইৰ যমুনামুখৰ কৃষকসকলৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । লক ডাউনৰ বাবেই বিক্ৰী কৰিব পৰা নাই কষ্টোপাৰ্জিত ফচল । বিক্ৰী কৰিব নোৱাৰাৰ বাবেই এতিয়া পথাৰতে নষ্ট হৈছে ভেণ্ডি,বেঙেনা,কেৰেলা,জলকীয়াকে ধৰি বিভিন্ন পাচলি। এই দৃশ্য বান বিধ্বস্ত লাওখোৱা-ভুৰবন্ধাৰ । বান গৰাখহনীয়াত সৰ্বস্বান্ত অঞ্চলটোৰ এইসকল লোকৰ জীৱিকা একমাত্ৰ নিৰ্ভৰশীল কৃষিৰ ওপৰত। কিন্তু গাঁঠিৰ ধন খৰছ কৰি উপাদন কৰা শস্য এতিয়া বিক্ৰীৰ কোনো সুবিধা নোপোৱাত নষ্ট হৈছে পথাৰতে । পথাৰৰ পৰাই ৰাজ্য চৰকাৰক কৰযোৰে অনুৰোধ জনাইছে কৃষকে ।

হোজাই জিলাৰ যমুনামুখতো দেখা পোৱা গ‘ল অনুৰূপ দৃশ্য। অঞ্চলটোৰ চাৰি শ ৰো অধিক ভূমিত খেতি কৰা পাচলি এতিয়া পচিছে পথাৰতে । কেৰালা,বিলাহী , ৰঙালাওকে ধৰি বহুকেইবিধ পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবেই নষ্ট হৈছে পথাৰতে । লক ডাউনৰ ফলত বহু পৰিয়াল তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱাৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন এইসকল কৃষক ।

লগতে পঢ়ক : আমিনুল ইছলামৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজুঃ প্ৰতিক্ৰিয়া চম্পক কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.