ETV Bharat / state

মৰাপাটৰ মূল্য বৃদ্ধি কৰাৰ আহ্বান কৃষকৰ - increase jute prices

কঠোৰ পৰিশ্ৰমৰ মাজেৰে লাওঁখোৱাত কৃষকৰ মৰাপাট খেতি । চৰকাৰৰ সংশ্লিষ্ট বিভাগক মৰাপাটৰ মূল্য বৃদ্ধিৰ আহ্বান কৃষকৰ (Farmers urge govt to increase jute prices)।

Farmers are working hard to grow jute in Samaguri
মৰাপাটৰ মূল্য বৃদ্ধিৰ আহ্বান লাওঁখোৱা কৃষকৰ
author img

By

Published : Sep 12, 2022, 10:02 PM IST

চামগুৰি, 12 ছেপ্টেম্বৰ: ৰাজ্যৰ অন্যতম উদ্যোগ হিচাপে পৰিচিত মৰাপাট উদ্যোগ । এই উদ্যোগটো জীয়াই ৰাখিবৰ বাবে অথবা নিজৰ পৰিয়ালটোক পোহপাল দিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে কৰি আহিছে মৰাপাটৰ খেতি । কিন্তু মৰাপাটৰ এই খেতি কৰিবলৈ যাওঁতে কৃষকসকলৰ লগতে কৃষকসকলৰ পৰিয়ালৰ মহিলা সকলেও কৰিব লগা হৈছে বহু পৰিশ্ৰম ।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া লাওঁখোৱাৰ বৃহত্তৰ অঞ্চলটোত দেখিবলৈ পাব মৰাপাটৰ খেতি কৰা কৃষক ৰাইজৰ কঠোৰ পৰিশ্ৰমৰ জীয়া ছবিখন । লাওঁখোৱাৰ ০১ নং ভূৰবন্ধাৰ প্ৰায় সহস্ৰাধিক কৃষকে হালবাই মাটি চহাই মৰাপাট কটালৈকে গাৰ ঘাম মাটিত পেলাই কৰে কৃষিকাৰ্য্য (Farmers are working hard to grow jute)।

মৰাপাটৰ মূল্য বৃদ্ধিৰ আহ্বান লাওঁখোৱা কৃষকৰ

গাঁওখনৰ কৃষকৰ পৰিয়ালৰ মহিলাসকলেও প্ৰখৰ ৰ'দকো নেওঁচি পুৰুষৰ সমানে ব্যস্ত হৈ পৰে পানীত ভৰাই থোৱা মৰাপাট গুচোৱাৰ বিৰামহীন কাৰ্য্যত । কিন্তু তাৰ পিছতো যেন কৃষকে নাপাই মৰাপাটৰ উচিত মূল্য । বজাৰৰ তুলনাত মৰাপাট দৰ কম কৃষকৰ বজাৰত । কৃষকসকলে মোনত মাত্ৰ ২৬০০ টকাকৈহে মৰাপাট বিক্ৰী কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত । যাৰ বাবে অকল্পনীয় পৰিশ্ৰম কৰিও বিশেষ একো লাভালাভ কৰিবলৈ সক্ষম হোৱা ০১ নং ভূৰবন্ধাৰ কৃষক ৰাইজে ।

উল্লেখ্য যে, বজাৰত যদি মৰাপাটৰ দৰ বৃদ্ধি হয় তেতিয়াহে লাভৰ মুখ দেখা পাব কৃষক ৰাইজে ৷ সেয়েহে বিষয়টো দৃষ্টিগোচৰ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে অতিশয় পৰিশ্ৰমী মৰাপাট খেতিৰ সৈতে জড়িত লাওঁখোৱাৰ কৃষক ৰাইজে (Farmers urge govt to increase jute prices)।

লগতে পঢ়ক: ৰাজ্যত স্থাপন হ'ব ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ ৫০ টা ধান মিল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.