নগাঁও, ৫ মে' : পুনৰ চর্চাত আৰক্ষী বিষয়া জোনমণি ৰাভা (Police officer Jonmani Rava gets re-practice)। শাসকীয় দলৰ বিধায়কক নীতি শিক্ষা দি চর্চালৈ অহা জোনমণি ৰাভা এইবাৰ চৰ্চালৈ আহিছে আন এটা বিষয়কলৈ । বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ.আই জোনমণি ৰাভা । এইবাৰ প্ৰৱঞ্চকৰ টাৰ্গেট উপ-পৰিদৰ্শক জোনমণি ৰাভা (Fraudulent target Sub Inspector Jonmani Rava)। জোনমণি ৰাভাক বিয়া পাতিম বুলি মিছা পৰিচয়ৰ আশ্ৰয় লৈছিল এজন যুৱকে ।
ৰানা পগা'গ নামৰ যুৱকজনে আৰক্ষীয়ে বিষয়া জোনমণি ৰাভাক বিয়া পাতিবলৈ প্ৰত্যক্ষ প্ৰস্তাৱ আগবঢ়াইছিল । কিন্তু জোনমণি ৰাভাই তেওঁৰ পৰিয়ালৰ লোককহে প্ৰস্তাৱ আগবঢ়াবলৈ পৰামৰ্শ দিয়ে যুৱকজনক । জোনমণি ৰাভাক বিয়া পাতিবলৈ নিজকে ONGC ৰ জনসম্পৰ্কৰক্ষী বিষয়া বুলি পৰিচয় দিছিল ৰাণা পগা'গ নামৰ যুৱকজনে । সেইমতে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল বিয়াৰ আলোচনা ।
কিন্তু হঠাৎ চেঁচা পানী পৰিল যুৱকজনৰ সকলো পৰিকল্পনাত । বিয়াৰ পূৰ্বেই ওলাই পৰিল যুৱকজনৰ প্ৰকৃত পৰিচয় । আচলতে ONGC ৰ কোনো বিষয়া নহয় যুৱকজন (Fake ONGC officer cheats SI Jonmoni Rava)। নিজকে ONGC ৰ বিষয়া বুলি পৰিচয় দি এছ আই জোনমণি ৰাভাক বিয়া পতাৰ এক পৰিকল্পনা কৰিছিল যদিও আৰক্ষী বিষয়াৰ চকুত ধূলি দিয়াটো সম্ভৱ হয় কেনেকৈ ?
বিভিন্ন কৌশলেৰে অপৰাধীক জালত পেলোৱা এছ আই জোনমণি ৰাভাৰ জালত পৰিল প্ৰৱঞ্চনাৰে বিয়া পাতিব বিচৰা ONGC ৰ ভুৱা বিষয়া ৰানা পগা'গ । জোনমনি ৰাভাৰ এজাহাৰৰ ভিত্তিত স্বামী হ'ব বিচৰা প্ৰৱঞ্চক যুৱকক অৱশেষত আটক কৰিবলৈ সক্ষম হয় এছ আই জোনমণি ৰাভা ।
লগতে পঢ়ক :শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2