ETV Bharat / state

সুৰাসহ আৰক্ষীৰ জালত ভুৱা সাংবাদিক - কলিয়াবৰত সুৰা সহ আৰক্ষীৰ জালত ভুৱা সাংবাদিক

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে লকডাউনৰ বাবে সুৰাৰ অভাৱত ভোগা সুৰাপ্ৰেমীক সুৰা যোগান ধৰিবলৈ গৈ কলিয়াবৰত আৰক্ষীৰ জালত পৰিল ভুৱা সাংবাদিক ৷

fake-journalist-with-illegal-wine-arrested-at-kaliabar-etv-bharat-assam-news
কলিয়াবৰত সুৰা সহ আৰক্ষীৰ জালত ভুৱা সাংবাদিক
author img

By

Published : Jul 26, 2021, 10:45 PM IST

কলিয়াবৰ, 26 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ অসম আৰক্ষীৰ শেহতীয়া অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই পোহৰলৈ আনিছিল ৰাজ্যত চলি থকা ড্ৰাগছৰ গোপন বেহাৰ ছবিখন ৷ ইয়াৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে লকডাউনৰ বাবে সুৰাৰ অভাৱত ভোগা সুৰাপ্ৰেমীক সুৰা যোগান ধৰিবলৈ গৈ কলিয়াবৰত আৰক্ষীৰ জালত পৰিল ভুৱা সাংবাদিক ৷

প্ৰাপ্ত খবৰ অনুসৰি, কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ নিয়মীয়া তালাচীত সুৰাসহ এখন বাহন জব্দ কৰা হয় ৷ আৰক্ষীৰ তালাচীত মহিলাসহ তিনিগৰাকী ব্যক্তিক আটক কৰি আৰক্ষীয়ে ইতিমধ্যে সোধ-পোছ অব্যাহত ৰাখিছে ৷ আটকাধীন কেইগৰাকীৰ মাজৰ এগৰাকী ব্যক্তিয়ে তালাচীৰ সময়ত সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই আৰক্ষীৰ জালৰ পৰা হাৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু আৰক্ষীৰ তদন্তত তেওঁ প্ৰদৰ্শন কৰা পৰিচয় পত্ৰ ভুৱা বুলি প্ৰমাণ হয় ৷

সাংবাদিকৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰা ব্যক্তিগৰাকীৰ নাম উৎপল কুমাৰ কাকতি বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ তেজপুৰৰ উৎপল কুমাৰ কাকতি নামৰ ব্যক্তিগৰাকীয়ে জাৰ্নেলিষ্ট ফেডাৰেচন অৱ আচাম(জাফা)ৰ কাৰ্যালয় সাংবাদিক বুলি পৰিচয় দিছিল বুলি জনাইছে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত তেজপুৰৰ জাফাৰ বিষয়ববীয়াৰে যোগাযোগ কৰাত কাকতিৰ সাংবাদিকৰ পৰিচয় ভুৱা বুলি প্ৰমাণিত হয় ৷

আৰক্ষীয়ে জনোৱা মতে, ব্যক্তি কেইগৰাকীয়ে স্থানীয় এখন সুৰাৰ বিপনীৰ পৰা অবৈধভাৱে এই সুৰা সংগ্ৰহ কৰি আনিছিল ৷ ভুৱা সাংবাদিকজনৰ লগতে আন দুগৰাকী ব্যক্তিকো ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ৷ য'ত এগৰাকী মহিলাও আছে বুলি জনাইছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটক কৰা মাৰুতি ৱাগনাৰ বাহনখনৰ নম্বৰ AS ০১ K ১৭৯৯ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:২ বছৰীয়া সন্তানসহ সন্ধানহীন বোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.