ETV Bharat / state

Fake gold smugller arrested: নগাঁৱত নকল সোণসহ আৰক্ষীৰ জালত ব্যৱসায়ী - Fake gold seized

নগাঁৱত অব্যাহত আছে নকল সোণৰ ব্যৱসায়(Fake gold smuggling in Assam) । নকল সোণ বিক্ৰী কৰি সাধাৰণ লোকক প্ৰৱঞ্চনা পিতা-পুত্ৰৰ । নকল সোণৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী চি আৰ পি এফৰ যুটীয়া অভিযান । অৱশেষত নকল সোণৰ যীশুৰ মূৰ্তিসহ আৰক্ষী,  চি আৰ পি এফৰ জালত নকল সোণ ব্যৱসায়ী পিতৃ । বৰ্তমানেও পলাতক পুত্ৰ (Fake gold smugller arrested) ।

Fake gold smugller arrested in Nagaon
নগাঁৱত নকল সোণৰ ব্যৱসায়ত জৰিত পিতা পুত্ৰ
author img

By

Published : Feb 26, 2023, 8:25 AM IST

নগাঁৱত নকল সোণৰ ব্যৱসায়ত জৰিত পিতা পুত্ৰ

নগাঁও,২৬ ফ্ৰেব্ৰুৱাৰী: মধ্য অসমৰ নগাঁৱত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা (Fake gold smuggling in Nagaon) । এইবাৰ নকল সোণৰ ব্যৱসায়ত নামিছে নগাঁৱৰে এহাল পিতা-পুত্ৰ । নগাঁও জিলাৰ কাতিমাৰিৰ দুই পিতা-পুত্ৰই মিলি নগাঁৱৰ লগতে মধ্য অসমৰ বিভিন্ন প্ৰান্তত নকল সোণৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল । কাতিমাৰিৰ দুই পিতা-পুত্ৰই নকল সোণৰ ব্যৱসায় চলাই অহাৰ তথ্য লাভ কৰিছিল নগাঁও আৰক্ষীয়েও (Fake gold smugller arrested in Nagaon)।

অৱশেষত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী আৰু কাতিমাৰিস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়নৰ সহযোগত নকল সোণ ব্যৱসায়ৰ বিৰুদ্ধে নামি পৰে অভিযানত । শুকুৰবাৰে নিশাই নগাঁৱৰ কাতিমাৰিত নগাঁও আৰক্ষী আৰু কাতিমাৰিস্থিত চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে (Fake gold recovered) । শুকুৰবাৰে নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰীত চলোৱা অভিযানত যীশুৰ এটা নকল সোণৰ মূৰ্তি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী চি আৰ পি এফৰ দলটোৱে ।

কাতিমাৰিৰ ছাহেদ আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানকাৰী দলে নকল সোণৰ যীশুৰ মূৰ্তিৰ লগতে নগদ ৫৩,৫০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত নকল সোণৰ ব্যৱসায় কৰা কাতিমাৰীৰ ছাহেদ আলী নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী, চি আৰ পি এফৰ দলটো । ধৃত ছাহেদ আলীৰ পুত্ৰ জেহেৰুল ইছলামো এই নকল সোণৰ ব্যৱসায়ত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে (Fake gold seized)।

স্মৰ্তব্য যে, শুকুৰবাৰে নিশা চলোৱা অভিযানৰ সময়ত অভিযানকাৰী দলে পিতৃ ছাহেদ আলীক আটক কৰে যদিও আটকাধীন লোকজনৰ পুত্ৰ জেহিৰুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে । আনহাতে প্ৰৱঞ্চক ছাহেদ আলীৰ বাসগৃহৰ মাটি খান্দি উদ্ধাৰ কৰে নকল সোণৰ মূৰ্তিটো ৷ ধৃত ছাহেদ আলী আৰু তেওঁৰ পলাতক পুত্ৰই ভূঞাপট্টিৰ লক্ষীনন্দন নামৰ এজন ব্যক্তিক নকল সোণৰ মূৰ্তিটো বিক্ৰীৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: APHLC Mass Rally in Karbi Anglong: সাতগাঁৱত APHLC ৰ গণ সমাবেশত আৰক্ষীৰ লাঠি চালনা, আটক সাতজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.