ETV Bharat / state

নগাঁৱত উৎখাত জালনোট ব্যৱসায়ী চক্ৰ

নগাঁৱত উৎখাত হ’ল জালনোট ব্যৱসায়ী চক্ৰ (Fake currency seized in Nagaon) । জালনোট তৈয়াৰ কৰা যন্ত্ৰ সহ জব্দ বৃহৎ পৰিমাণৰ জালনোট । আৰক্ষীৰ কবলত জালনোট ব্যৱসায়ী চক্ৰৰ সদস্য ।

author img

By

Published : Apr 9, 2022, 12:25 PM IST

Fake currency seized
নগাঁৱত উৎখাত জালনোট ব্যৱসায়ী চক্ৰ

নগাঁও, 9 এপ্ৰিল : পুনৰ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা । এইবাৰ জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উৎখাত কৰিবলৈ সক্ষম হয় এটা জালনোট ব্যৱসায়ী চক্ৰ (Fake currency seized in Nagaon) ।

লখিমপুৰৰ পৰা আহি নগাঁৱত বাহৰ পাতি এটা চক্ৰই আৰম্ভ কৰিছিল জালনোটৰ ৰমৰমীয়া ব্যৱসায় । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পিচতেই আৰক্ষীৰ এটা দলে হয়বৰগাঁৱৰ কাৱৈমাৰী অঞ্চলত অভিযান চলাই জালনোট ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে ।

নগাঁৱত উৎখাত জালনোট ব্যৱসায়ী চক্ৰ

বৃহৎ পৰিমাণৰ জালনোট সহ আতিকুৰ ৰহমান নামৰ লখিমপুৰৰ এজন লোকক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটো ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে জালনোট ব্যৱসায়ী চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোক ৷ লখিমপুৰৰ এই দুষ্ট চক্ৰটোৱে হয়বৰগাঁৱৰ ভাড়াঘৰত থাকি চলাই আছিল জালনোটৰ ব্যৱসায় ৷

লগতে পঢ়ক : মৰিগাঁৱৰ দুই পৃথক স্থানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

শুকুৰবাৰে নগাঁৱৰ বৰঘাট বাইপাছত জালনোট সৰবৰাহৰ পৰিকল্পনা কৰিছিল চক্ৰটোৱে । তাৰ পিছতেই অভিযান চলাই আৰক্ষীৰ দলটোৱে জালনোট তৈয়াৰ কৰা এটা যন্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ জালনোট জব্দ (Fake currency seized with a machine in Nagaon) কৰিবলৈ সক্ষম হয় । লগতে জালনোট ব্যৱসায়ী চক্ৰটোৱে ব্যৱহাৰ কৰা AS 07 G 2579 নম্বৰৰ এখন বলেৰ’ বাহন জব্দ কৰে আৰক্ষীয়ে ।

ধৃত আতিকুৰৰ উপৰিও এই জালনোটৰ চক্ৰটোৰ লগত লখিমপুৰৰ আন কেইবাজনো লোক জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷ উল্লেখ্য যে, জালনোট ব্যৱসায়ী চক্ৰটোৰ সদস্য আতিকুৰ ৰহমানক আটক কৰাৰ পিছতেই চক্ৰটোৰ আন সদস্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষী । ধৃত আতিকুৰকো মাৰাথন জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : ATM Fraud in Assam: ৰাজ্যত পিয়াপি দিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.