ETV Bharat / state

উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যু

author img

By

Published : Dec 1, 2021, 1:42 PM IST

নগাঁও চহৰৰ পানীগাঁও ডিমৰুগুৰি অঞ্চলত শোকৰ ছাঁ ৷ প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যুত মৰ্মাহত সমষ্টিবাসী ৷

ex mla died due to high blood pressure
প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যু

চামগুৰি, 1 ডিচেম্বৰ : নগাঁও চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিগত অসম আন্দোলনৰ অগ্ৰনী নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি অতুল কুমাৰ শৰ্মা(64)ৰ মঙলবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে ৷ 25 নৱেম্বৰৰ দিনা উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ তেখেতক গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ স্বাস্থ্যৰ কিছু উন্নতি ঘটাত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় প্ৰাক্তন বিধায়ক গৰাকীক ৷

মঙলবাৰে বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি থকাৰ মাজতে দিনৰ প্ৰায় 12 মান বজাত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ সেইদিনাই বিয়লি প্ৰায় 5.55 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ 1957 চনৰ 5 ডিচেম্বৰত নগাঁৱৰ চামগুৰিৰ তেলীয়াগাঁৱত জন্মগ্ৰহণ কৰা অতুল কুমাৰ শৰ্মাই পিতৃ কৰ্মসূত্ৰে শালনা চাহ বাগিচাত শৈশৱ অতিবাহিত কৰে ৷ পুৰণিগুদামত তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটে ৷ কলেজত নাম ভৰ্তি কৰাৰ সময়ত সমগ্ৰ ৰাজ্যখনত অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰম্ভ হয় আৰু এই আন্দোলনত অতুল কুমাৰ শৰ্মাই মুখ্য ভূমিকা পালন কৰে ৷

ex mla died due to high blood pressure
প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য পদ গ্ৰহণ কৰি অতুল কুমাৰ শৰ্মাই পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ধিং অধিবেশনত জিলা সভাপতি নিৰ্বাচিত হয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত অসম চুক্তি স্বাক্ষৰিত হয় ৷ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰি 1985 আৰু 1991 চনত চামগুৰি বিধানসভা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰে যদিও তেওঁ পৰাজয় বৰণ কৰে ৷ কিন্তু 1996 চনত তেওঁ অগপ দলৰ পৰা চামগুৰি বিধানসভা সমষ্টিত পুনৰ অৱতীৰ্ণ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হয় ৷

বিগত বহুবছৰ ধৰি অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা অতুল কুমাৰ শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ আছিল ৷ বিধায়ক হিচাবেও এজন সু-সংগঠক, অমায়িক ব্যক্তি হিচাপে পৰিচিত অতুল কুমাৰ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পেলাইছে ৷ বিধায়ক হৈ থকাৰ সময়ছোৱাত তেওঁ অসম চৰকাৰৰ পণ্যাগাৰ নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তদুপৰি অগপ নেতৃত্বাধীন প্ৰথমটো চৰকাৰৰ কাৰ্যকালত অতুল কুমাৰ শৰ্মাই নগাঁও মহকুমা পৰিষদৰ মুখ্য প্ৰশাসক হিচাপে সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল ৷ শেহতীয়াকৈ 2015 চনত তেওঁ অগপ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে কোনো দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিৰত আছিল ৷

মংগলবাৰে তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত বহুতো গুণমুগ্ধই আনন্দ নগৰৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইপিনে, প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে চাওক : প্ৰমোদ বড়োৱে উদ্বোধন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুনকৈ সংযোজিত বড়ো বিভাগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.