নগাঁও, 16 এপ্ৰিলঃ নগাঁৱত প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ হুংকাৰ ৷ দুৰ্যোগৰ সময়ত নিকৃষ্ট ৰাজনীতি নকৰিবলৈ আহ্বান দল সংগঠনৰ ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ মাজতেই বহু অসহায় পৰিয়ালক সহায়ৰ হাত আগবঢ়াই আহিছে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছিল সকলোৱে । কিন্তু সাহাৰ্য বিতৰণ কৰা মোনাটোত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰকিবুল হুছেইনৰ ফটো। বহু পৰিয়ালক বিপদৰ সময়ত ভাত মুঠিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা মোনাত কংগ্ৰেছ নেতাৰ ফটো লগোৱা কাৰ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত । কেৱল এয়াই নহয় নিজ পুত্ৰক লগত লৈ সমষ্টিৰ বিভিন্ন প্ৰান্তত সাহাৰ্য বিতৰণ কৰা লোকৰ হাতে হাতে দেখা গৈছে এখন বিশেষ পষ্টাৰ। য'ত লিখা আছে সহায়ৰ হাত। হাতে হাতে এনে পষ্টাৰ,ৰাহুল গান্ধী আৰু ৰকিবুল হুছেইনৰ ফটো সম্বলিত মোনা লবলৈও দিয়া হৈছে ৷ লগতে সাহাৰ্য ল'বলৈ অহা প্ৰতিজনকে কেমেৰাৰ আগত প'জ দিছে ৰকিবুল হুছেইনে। আৰ্তজনক সহায় কৰিছে ভাল কথা। কিন্তু সহায়ৰ নামত কৰা এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই একাংশই । ৰকিবুল হুছেইনৰ এই সহায়ৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ অভিযোগ কৰিছে বিভিন্ন দল সংগঠনৰ লগতে বিজেপিৰ নেতা কৰ্মীয়ে ।
লগতে পঢ়ক- দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ